শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Teacher’s Day 2025 Wishes: এইদৰে প্ৰতিগৰাকী শিক্ষকক দিয়ক শিক্ষক দিৱসৰ শুভেচ্ছা…

Teacher's Day Wishes in Assamese: শিক্ষক দিৱসত শিক্ষকসকলক শুভেচ্ছা জনোৱা হয়, যিটো তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰাৰ এক উপায়। যদি আপুনিও এই শিক্ষক দিৱসত আপোনাৰ শিক্ষকক বেলেগ ধৰণে শুভেচ্ছা জনাব বিচাৰে, তেন্তে আমি আপোনাৰ বাবে লৈ আহিছো বিশেষ বাৰ্তা। এইবোৰ আপুনি WhatsApp মেছেজ, ষ্টেটাছ, ফেচবুক বা ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিব পাৰিব।

Teacher’s Day 2025 Wishes: এইদৰে প্ৰতিগৰাকী শিক্ষকক দিয়ক শিক্ষক দিৱসৰ শুভেচ্ছা…
শিক্ষক দিৱসৰ শুভেচ্ছা
trishna-kalita
Trishna Kalita | Updated On: 04 Sep 2025 16:20 PM

প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত সমগ্ৰ দেশতে শিক্ষক দিৱস পালন কৰা হয়। এই দিনটো ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা মহান শিক্ষক ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকী হিচাপে পালন কৰা হয়। সৰ্বেপল্লীয়ে কেৱল আখৰৰ জ্ঞান প্ৰদান কৰাই নহয়, জীৱনৰ মূল্যবোধৰ বিষয়েও শিকাইছিল। প্ৰতিজন ছাত্ৰ-ছাত্ৰীক এনে এজন শিক্ষকৰ প্ৰয়োজন যিয়ে তেওঁলোকক জ্ঞানৰ লগতে জীৱনটো সঠিকভাৱে জীয়াই থাকিবলৈ শিকাই।

সেইগৰাকী মহান গুৰুক সন্মানত শিক্ষক দিৱস হিচাপে এই দিৱস উদযাপনৰ পৰম্পৰা আৰম্ভ হয়। এই দিনটোত বিদ্যালয়-মহাবিদ্যালয়ত বহু কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিদ্যালয়-মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰিয় শিক্ষকক উপহাৰ দি তেওঁলোকৰ বাবে ভাষণ প্ৰস্তুত কৰে।

একে সময়তে শিক্ষক দিৱসত শিক্ষকসকলক শুভেচ্ছা জনোৱা হয়, যিটো তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰাৰ এক উপায়। যদি আপুনিও এই শিক্ষক দিৱসত আপোনাৰ শিক্ষকক বেলেগ ধৰণে শুভেচ্ছা জনাব বিচাৰে, তেন্তে আমি আপোনাৰ বাবে লৈ আহিছো বিশেষ বাৰ্তা। এইবোৰ আপুনি WhatsApp মেছেজ, ষ্টেটাছ, ফেচবুক বা ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিব পাৰিব। এইবোৰৰ যোগেদি আপুনি আপোনাৰ মৰমৰ গুৰুৰ ওচৰলৈ আপোনাৰ চিন্তা-চৰ্চা প্ৰেৰণ কৰিব পাৰে।

শিক্ষক দিৱসৰ শুভেচ্ছা

  1. মোৰ প্ৰিয় শিক্ষাগুৰুজনক শ্ৰদ্ধা নিবেদিছো। শিক্ষক দিৱসৰ শুভেচ্ছা।
  2. শিক্ষকসকলে আমাক বাট দেখুৱাই,  উচিত-অনুচিত দিশটো আঙুলিয়াই দিয়ে, জীৱনৰ প্ৰতিটো খোজতে আমাৰ কাষত থিয় দিয়ে, আমাৰ হৃদয় স্পৰ্শ কৰে। শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল!
  3.  মেলা চকুৰে সপোন দেখিবলৈ শিকোৱাৰ বাবে ধন্যবাদ। মোক সঠিক দিশ দেখুৱাই দিয়াৰ বাবে ধন্যবাদ।
  4.  শিক্ষকসকলে জ্ঞানৰ দুৱাৰ মুকলি কৰি প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বিকাশ সাধন কৰে। শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল!
  5.  যিকোনো দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে এজন শিক্ষকৰ প্ৰচেষ্টা আৰু চৰিত্ৰৰ ওপৰত। শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল!
  6.  শিক্ষক দিৱসত সকলো শিক্ষককে প্ৰণাম জনাইছো। তেওঁলোকে আমাৰ সমাজখন গঢ়ি তুলিছে। শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল!
  7.  জীৱনৰ গুৰুত্বপূৰ্ণ শিক্ষা আপোনাৰ হাতৰ পৰা শিকিছো। আপুনি মোক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ শিকাইছিল। শিক্ষক দিৱসৰ দিনা আপোনাক প্ৰণাম জনাইছো।
  8.  সমাজ গঠনত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰতিগৰাকী শিক্ষককে শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ!
  9.  আপোনাৰ পৰা শিক্ষাৰ পোহৰ পাইছো, তোমাৰ পৰাই মানৱতাৰ বাৰ্তা শিকিছো। শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল…
  10. মোৰ সকলো সপোন সাৰ্থক কৰিবলৈ সঠিক পথ দেখুৱাই দিয়াৰ বাবে আপোনাক ধন্যাবাদ, শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা…

লগতে পঢ়ক: এনেদৰে আপোনাৰ শিক্ষাগুৰুলৈ প্ৰেৰণ কৰক ‘শিক্ষক দিৱস’ৰ শুভেচ্ছা