ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
আজিৰ দিনটোতে দিল্লীৰ চুলতান মুইজুদ্দিন বাহৰাম শ্বাহৰ সেনাই বিদ্ৰোহ কৰি চুলতানক হত্যা কৰে। একেদৰে আজিৰ দিনটোতে ভাৰতীয় কমেডিয়ান জনী ৱাকাৰৰ জন্ম হয় । ছোভিয়েট ইউনিয়নে আজিৰ দিনটোতে স্পুটনিক-৩ ৰকেট উৎক্ষেপণ কৰে। চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনা ।

Image Credit source: GettyImage
বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । ১২৪২ চনৰ আজিৰ দিনটোতে দিল্লীৰ চুলতান মুইজুদ্দিন বাহৰাম শ্বাহৰ সেনাই বিদ্ৰোহ কৰি চুলতানক হত্যা কৰে। একেদৰে আজিৰ দিনটোতে ভাৰতীয় কমেডিয়ান জনী ৱাকাৰৰ জন্ম হয় । ছোভিয়েট ইউনিয়নে আজিৰ দিনটোতে স্পুটনিক-৩ ৰকেট উৎক্ষেপণ কৰে। আজিৰ দিনটোতে কুৱেইট চৰকাৰে মহিলাসকলক সংসদীয় নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰে। চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনা ।
আজিৰ দিনটোৰ ঘটনা পৰিঘটনা
- ১২৪২ চনৰ আজিৰ দিনটোতে দিল্লীৰ চুলতান মুইজুদ্দিন বাহৰাম শ্বাহৰ সেনাই বিদ্ৰোহ কৰি চুলতানক হত্যা কৰে।
- ১৮১৭ চনৰ আজিৰ দিনটোতে সমাজ সংস্কাৰক দেৱেন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয়।
- ১৯০৭ চনৰ আজিৰ দিনটোতে ভগত সিং আৰু ৰাজগুৰুৰ সৈতে হাঁহি হাঁহি ফাঁচীকাঠত যোৱা সুখদেৱ থাপাৰৰ জন্ম।
- ১৯২৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় কমেডিয়ান জনী ৱাকাৰৰ জন্ম হয়।
- ১৯৩৫ চনৰ আজিৰ দিনটোতে মস্কো মেট্ৰ’ জনসাধাৰণৰ বাবে মুকলি কৰা হয়।
- ১৯৫৮ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে স্পুটনিক-৩ ৰকেট উৎক্ষেপণ কৰে।
- ১৯৬৭ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিতৰ জন্ম হয়।
- ১৯৯৫ চনৰ আজিৰ দিনটোতে এলিছন হাৰগ্ৰিভছে অক্সিজেন চিলিণ্ডাৰ অবিহনে এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
- ১৯৯৯ চনৰ আজিৰ দিনটোতে কুৱেইট চৰকাৰে মহিলাসকলক সংসদীয় নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰে।
- ২০০২ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইৰাকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অনুমোদন জনায়।