Jobs: ছেবিত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…
Jobs: যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো পুনৰ ওলাইছে চাকৰি। ছেবিৰ এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত কেইবাটাও পদ পূৰণ কৰা হ'ব। গতিকে যোগ্যসকলে কৰিব পাৰে আবেদন।

চাকৰি বিচাৰি থকা যুৱক-যুৱতীসকলৰ বাবে আছে এক ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড (SEBI) য়ে কেইবাটাও পদৰ বাবে নিযুক্তিৰ আহ্বান জনাইছে। এই প্ৰক্ৰিয়াৰ অধীনত ১১০টা পদ পূৰণ কৰা হ’ব। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে কৰিব পাৰে আবেদন। ইয়াৰ বাবে আপুনি ছেবিৰ অফিচিয়েল ৱেবছাইট sebi.gov.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব। বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে আৰু অন্তিম তাৰিখ ৩০ অক্টোবৰ, ২০২৫।
পদৰ বিৱৰণ
এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত বিভিন্ন বিভাগৰ কেইবাটাও পদ পূৰণ কৰা হ’ব। সাধাৰণ শাখাত ৫৬টা, আইন বিভাগৰ ২০টা, তথ্য প্ৰযুক্তিৰ ২২টা, অনুসন্ধান ৪টা, চৰকাৰী ভাষাত ৩টা, অভিযান্ত্ৰিক বিভাগত ৫টা খালী পদ পূৰণ কৰা হ’ব।
অৰ্হতা
প্ৰতিটো পদৰ বাবে অৰ্হতা বেলেগ বেলেগ। উদাহৰণ স্বৰূপেঃ জেনেৰেল পদৰ বাবে স্নাতকোত্তৰ হ’ব লাগিব। ঠিক তেনেদৰে আইনৰ বাবে ল’ স্নাতক হ’ব লাগিব।
অৰ্হতা জানিবলৈঃ ক্লিক কৰক
বয়স
প্ৰাৰ্থীৰ বয়স ৩০ বছৰতকৈ অধিক হ’ব নালাগিব। প্ৰাৰ্থীৰ জন্ম ১৯৯৫ চনৰ ১ অক্টোবৰত বা তাৰ পিছত হ’ব লাগিব। অৱশ্যে চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ লোকে বয়সৰ শিথিলতা লাভ কৰিব।
কেনেকৈ আবেদন কৰিব?
- প্ৰথমে আপুনি ছেবিৰ অফিচিয়েল ৱেবচাইটলৈ যাওক।
- হোমপেজৰ চাকৰিৰ লিংকটোত ক্লিক কৰক।
- পাছত ৰেজিষ্টাৰ কৰিব।
- আবেদন পূৰণ কৰিব।
- প্ৰয়োজনীয় তথ্য দি চাবমিট কৰিব।
- অধিক জানিবলৈ ছেবিৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।
আবেদনৰ মাচুল
- জেনেৰেল, অবিচি, ই ডব্লিউ এছঃ ১০০০ টকা। লগতে ১৮ শতাংশ জি এছ টি
- SC/ST/PwBDঃ ১০০ টকা, লগতে ১৮ শতাংশ জি এছ টি।
অধিক জানিবলৈঃ ক্লিক কৰক
বাছনি প্ৰক্ৰিয়া
মুঠ ৩ টা পৰ্যায়ত বাছনি প্ৰক্ৰিয়া হ’ব। প্ৰথম পৰ্যায়ত অনলাইন পৰীক্ষা হ’ব। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। য’ত অনলাইনত পৰীক্ষা অনুষ্ঠিত হ’ব। শেষৰ পৰ্যায়ত সাক্ষাৎকাৰ হ’ব।
অন্য খবৰ পঢ়কঃ দশম উত্তীৰ্ণৰ বাবে চৰকাৰী চাকৰিঃ দৰমহা ৬৯,০০০ পৰ্যন্ত! ক’ত, কেনেকৈ আবেদন কৰিব জানক…