Jobs: দশম উত্তীৰ্ণৰ বাবে চৰকাৰী চাকৰিঃ দৰমহা ৬৯,০০০ পৰ্যন্ত! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
Jobs: চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক ভাল খবৰ। ভাৰতীয় উপকূলৰক্ষী বাহিনীত ওলাইছে চাকৰি। দশম উত্তীৰ্ণ প্ৰাৰ্থীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে কৰিব পাৰে আবেদন।

চৰকাৰী চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কেইবাটাও পদৰ বাবে নিযুক্তিৰ আহ্বান কৰিছে। এই পদসমূহৰ বাবে দশম শ্ৰেণীৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে আবেদন কৰিব পাৰে। এই পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীয়ে মাহে ৬৯,১০০ টকা পৰ্যন্ত দৰমহা লাভ কৰিব। লগতে পাব অতিৰিক্ত ভাট্টা।
পদ
ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে মটৰ পৰিবহণ চালক, এমটিএছ (পিয়ন), এটিএছ (ড্ৰাফটি), এমটিএছ (পেকাৰ), আৰু লাস্কাৰ ১ম শ্ৰেণীৰ পদত নিযুক্তি দিব। ইয়াৰ অধীনত ৯টা পদ পূৰণ কৰা হ’ব।
আবেদনৰ তাৰিখ
ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এই সন্দৰ্ভত ২৭ ছেপ্টেম্বৰত এক অধিসূচনা জাৰি কৰিছিল। বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে আৰু শেষ তাৰিখ ১১ নৱেম্বৰ। আবেদন আপুনি ডাকযোগে- কমাণ্ডাৰ, ক’ষ্ট গাৰ্ড ৰিজিঅ’ন (এ এণ্ড এন), ডাক বক্স নং ৭১৬, হাড্ডো (পি অ’), শ্ৰী বিজয় পুৰম ৭৪৪১০২, আন্দামান এণ্ড নিকোবাৰ দ্বীপপুঞ্জত প্ৰেৰণ কৰিব পাৰিব।
কেনেকৈ আবেদন কৰিব
এই আবেদন অফলাইনত হ’ব। প্ৰথমে আপুনি আবেদনখন প্ৰিন্ট আউট কৰিব লাগিব। হিন্দী বা ইংৰাজী ভাষাত আবেদনখন পূৰণ কৰিব লাগিব। পাছত প্ৰয়োজনীয় তথ্য আৰু পাছপ’ৰ্ট আকাৰৰ দুখন ফটো সংলগ্ন কৰি দিব লাগিব। ইয়াত ৫০ টকাৰ ডাক টিকট থাকিব লাগিব। পাছত ওপৰত উল্লেখিত ঠিকনালৈ প্ৰেৰণ কৰিব।
অধিসূচনাঃ ক্লিক কৰক
বয়স আৰু নিৰ্বাচন প্ৰক্ৰিয়া
এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব। লাস্কাৰ পদৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা ৩০ বছৰ। ইয়াৰোপৰি মটৰ পৰিবহণ পদৰ বাবে গধুৰ আৰু লঘু মটৰ গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ আৰু দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব। অন্য পদতো অভিজ্ঞতাৰ প্ৰয়োজন হ’ব।
এই পদৰ বাবে প্ৰাৰ্থীক লিখিত পৰীক্ষা, দক্ষতা/ব্যৱসায়িক পৰীক্ষা, আৰু মেধা তালিকাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন কৰা হ’ব।
অন্য খবৰ পঢ়কঃ ওলাইছে চাকৰিঃ দৰমহা ৪০,০০০ৰ পৰা ২ লাখ টকা পৰ্যন্ত! ক’ত, কেনেকৈ আবেদন কৰিব জানক…