শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Job: ৰে’লৱেত খালী ২২,০০০ পদ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Jobs: চৰকাৰী চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক ভাল খবৰ। শেহতীয়াকৈ ৰে'লৱে নিযুক্তি ঘোষণা কৰিছে। ইয়াৰ অধীনত হাজাৰ হাজাৰ পদ পূৰণ কৰা হ'ব। গতিকে যোগ্য আৰু ইচ্ছুকসকলে কৰিব পাৰে আবেদন।

Job: ৰে’লৱেত খালী ২২,০০০ পদ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 24 Dec 2025 16:43 PM

আপুনিও ৰে’লৱেত চাকৰি কৰাৰ সপোন দেখে নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো আৰ আৰ বি (RRB)ৰ গ্ৰুপ ডিৰ নিযুক্তি সন্দৰ্ভত বিশেষ খবৰ ওলাইছে। তথ্য অনুসৰি, ৰে’লৱে নিযুক্তি বোৰ্ডে লেভেল ১ৰ অধীনত ২২,০০০ পদৰ বাবে অধিসূচনা জাৰি কৰিছে। গতিকে এই পদৰ বাবে যদি আপুনি যোগ্য আৰু ইচ্ছুক তেন্তে আবেদন কৰিব পাৰে। এই আবেদন প্ৰক্ৰিয়া ২১ জানুৱাৰী, ২০২৬ ৰ পৰা আৰম্ভ হ’ব আৰু ২০ ফেব্ৰুৱাৰী, ২০২৬ লৈ চলিব।

গতিকে ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে ২১ জানুৱাৰী, ২০২৬ ৰ পৰা ২০ ফেব্ৰুৱাৰীৰ ভিতৰত ৰে’লৱেৰ অফিচিয়েল ৱেবচাইট rrbapply.gov.in ত গৈ আবেদন কৰিব পাৰিব। ইয়াৰ পূৰ্বে ৰে’লৱে এনটিপিচিৰ দ্বাদশ আৰু স্নাতক পৰ্যায়ৰ পদ, এএলপি, টেকনিচিয়ান, আৰু আইছ’লেটেড পদৰ বাবে নিযুক্তিৰ কথা ঘোষণা কৰিছিল।

নতুন নিযুক্তি

এতিয়ালৈকে নিযুক্তি সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ হোৱা নাই। নতুন নিযুক্তিত সৰ্বাধিক পদ খালী হৈছে অভিযান্ত্ৰিক বিভাগত। এই বিভাগত মুঠ ১২,৫০০টা খালী পদ ঘোষণা কৰা হৈছে, য’ত ট্ৰেক মেইণ্টেইনাৰ গ্ৰেড-৪ৰ বাবে ১১,০০০টা পদ খালী আছে। ইয়াৰ লগতে ৫,০০০ টা ট্ৰেফিক পইণ্টমেন বি পদ, ১,৫০০ টা সহায়ক (এছ এণ্ড টি), ১,০০০ টা সহায়ক (চি এণ্ড ডব্লিউ), আৰু ৫০০ টা সহকাৰী অপাৰেচনৰ বাবে। ইষ্ট চেণ্ট্ৰেল ৰে’লৱেত ৯৯৩টা আৰু দক্ষিণ-পূব ৰেলৱেত ১১৯৯টা পদ আবণ্টন দিয়া হৈছে।

অৰ্হতা

  • দশম উত্তীৰ্ণ / আই টি আই / ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট (এন এ চি)।
  • ১৮ ৰ পৰা ৩৩ বছৰৰ লোকসকলে আবেদন কৰিব পাৰিব।
  • অধিক জানিবৰ বাবে ৰে’লৱেৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

দৰমহা

২২,০০০ ৰ পৰা ২৫,০০০ টকা (বেচিক পে ১৮,০০০ প্ৰতিমাহ)

অফিচিয়েল ৱেবচাইটঃ http://www.rrbcdg.gov.in/ or

https://www.rrbapply.gov.in/

মাচুল

  • জেনেৰেল, অবিচি, ই ডব্লিউ এছঃ ৫০০ টকা।
  • এছ চি, এছ টি, মহিলা, অন্যান্যঃ ২৫০ টকা।

 

 

অন্য খবৰ পঢ়কঃ অৰ্হতা দশম উত্তীৰ্ণ! অসম আৰক্ষীত খালী ২৩৫০ টা পদ, ক’ত, কেনেকৈ আবেদন কৰিব জানক…