শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

স্নাতকৰ বাবে চাকৰি, দৰমহা ৪৪,০০০ টকা পৰ্যন্ত! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

আপুনিও স্নাতক উত্তীৰ্ণ হৈ চাকৰি বিচাৰি আছে নেকি? যদি আছে তেন্তে আছে এক ভাল খবৰ। কিয়নো ওলাইছে চৰকাৰী চাকৰি। গতিকে আপুনি ইয়াৰ বাবে যোগ্য আৰু ইচ্ছুক হ'লে আবেদন কৰিব পাৰে।

স্নাতকৰ বাবে চাকৰি, দৰমহা ৪৪,০০০ টকা পৰ্যন্ত! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 14 Sep 2025 20:28 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো পুনৰ ওলাইছে কেইবাটাও পদৰ বাবে চৰকাৰী চাকৰি। বিশেষকৈ এই খবৰ স্নাতক উত্তীৰ্ণসকলৰ বাবে। শেহতীয়াকৈ Railway Recruitment Board (RRB), Ministry of Railways, য়ে কেইবাটাও পদৰ বাবে ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। গতিকে আপুনি যদি ৰে’লৱেত চাকৰি কৰিব বিচাৰে তেন্তে এই সুযোগ আপোনাৰ বাবে। এই পদৰ বাবে প্ৰাৰ্থীয়ে ৰে’লৱেৰ অফিচিয়েল ৱেবচাইটত গৈ অনলাইন আবেদন কৰিব পাৰিব।

এই আবেদন প্ৰক্ৰিয়া ১৫ ছেপ্টেম্বৰ, ২০২৫ ৰ পৰা আৰম্ভ হ’ব আৰু ১৪ অক্টোবৰ, ২০২৫ লৈ চলিব। গতিকে এই নিৰ্ধাৰিত সময়ৰ ভিতৰত যোগ্য তথা ইচ্ছুকসকলে আবেদন কৰিব পাৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ সহায়ত ৩৬৮ টা ছেকশ্যন ক’ন্ট্ৰ’লাৰ  (Section controller) পদ পূৰণ কৰা হ’ব। ইয়াৰ সবিশেষ তলত উল্লেখ কৰা হ’ল।

পদৰ বিৱৰণ

  • পদৰ নামঃ ছেকশ্যন ক’ন্ট্ৰ’লাৰ।
  • পদৰ সংখ্যাঃ ৩৬৮ টা।
  • চাকৰিঃ ভাৰতীয় ৰে’লৱে।

দৰমহাঃ এই পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীয়ে পে লেভেল-৬ আৰু ৭ চিপিচিত আৰম্ভণিৰ বেচিক ৩৫,৪০০ টকাৰ পৰা ৪৪,৯০০ টকা পৰ্যন্ত লাভ কৰিব।

অৰ্হতা

প্ৰাৰ্থীয়ে যিকোনো বিষয়ত স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হ’ব লাগিব।  (অধিক তথ্য জানিবৰ বাবে ৰে’লৱেৰ ৱেবচাইট চাব পাৰে।)

বয়সঃ বয়স ২০ ৰ তলত আৰু ৩০ বছৰৰ ওপৰত হ’ব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকে ৰেহাই লাভ কৰিব।

    • এছচি, এছ টিঃ ৫ বছৰ ৰেহাই
    • অবিচিঃ ৩বছৰ ৰেহাই
    • দিব্যাংগঃ ১০ বছৰ
    • দিব্যাংগ (এছচি,এছটি)- ১৫ বছৰ
    • দিব্যাংগ (অবিচি)- ১৩ বছৰ।

মাচুল

  • জেনেৰেল, ই ডব্লিউ এছ, অবিচিঃ ৫০০ টকা।
  • এছ চি, এছ টিঃ দিব্যাংগ।
  • মহিলাঃ ২৫০ টকা।
  • শুদ্ধ কৰিলেঃ ২৫০ টকা।
  • এই মাচুল আপুনি অনলাইন দিব পাৰিব।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি RRB Recruitment Portal ত যাওক।
  • পাছত Important Web-Links ত ক্লিক কৰক।
  • পাছত Online Application Formত ক্লিক কৰক।
  • পঞ্জীয়ন কৰক।
  • ব্যক্তিগত তথ্য দাখিল কৰক।
  • শিক্ষাগত অৰ্হতা দিয়ক।
  • মাচুল দিয়ক।
  • চাবমিট কৰক।

অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক

এই বিষয়ে অধিক তথ্য ৰে’লৱে পৰৱৰ্তী সময়ত অফিচিয়েল পেজত আপলোড কৰিব। গতিকে অধিক জানিবৰ বাবে ৰে’লৱেৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ দ্বাদশ উত্তীৰ্ণৰ বাবে ৰাজ্যত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…