দ্বাদশ উত্তীৰ্ণৰ বাবে ৰাজ্যত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…
Assam jobs: অসমত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো অসমত ওলাইছে চাকৰি। গতিকে খালী হোৱা পদসমূহৰ বাবে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰে।

আপুনিও চাকৰি বিচাৰি আছে নেকি? যদি বিচাৰি আছে তেন্তে আছে এক ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চৰকাৰী চাকৰি। শেহতীয়াকৈ DIRECTOR OF ELEMENTARY EDUCATION য়ে এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি ৰাজ্যত বিশেষ শিক্ষাবিদ, প্ৰাথমিক শিক্ষা (Special educator, LP school) ৰ কেইবাটাও পদ খালী হৈছে। গতিকে যোগ্য আৰু ইচ্ছুকসকলে এই পদৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ সহায়ত ১২০ টা পদ পূৰণ কৰা হ’ব।
এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে। ২৮ আগষ্ট, ২০২৫ৰ পৰা আৰম্ভ হোৱা এই আবেদন প্ৰক্ৰিয়া ৩০ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজালৈ চলিব। গতিকে যোগ্য আৰু ইচ্ছুকসকলে এই নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰিব। যদি এই পদৰ বাবে আবেদন কৰিব বিচাৰিছে তেন্তে https://dee.assam.gov.in অফিচিয়েল ৱেবচাইটত গৈ অনলাইন আবেদন কৰিব পাৰে।
উল্লেখ্য যে, এই পদৰ বাবে অফলাইন কোনো আবেদন গ্ৰহণ কৰা নহয়। আবেদন প্ৰক্ৰিয়াৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা, ফটো, অন্য তথ্য আদিৰ প্ৰয়োজন হ’ব।
যোগ্যতা
- ছিনিয়ৰ ছেকেণ্ডাৰী (বা ইয়াৰ সমতুল্য) শিক্ষাগত অৰ্হতা থাকিব লাগিব। প্ৰাৰ্থী এই পৰীক্ষাত কমেও ৫০% নম্বৰ আৰু শিক্ষাত ২ বছৰৰ ডিপ্লমা (বিশেষ শিক্ষা)ৰ অৰ্হতা থাকিব লাগিব।
- এল পি স্কুৰ বাবে প্ৰাৰ্থীৰ ATET/CTET উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ থাকিব লাগিব।
- ATET আৰু CTET প্ৰাৰ্থীৰ ভাষা-I বা ভাষা-II ৰ যিকোনো এটা আবেদন কৰিব বিচৰা বিদ্যালয়ৰ শিক্ষাৰ মাধ্যমৰ সৈতে মিলিব লাগিব।
- সৰু পৰিয়ালৰ নীতি অনুসৰি ২টাতকৈ অধিত সন্তান থাকিব নালাগিব।
বয়স
প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ তলত আৰু ৪০ বছৰৰ ওপৰত হ’ব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকৰ বাবে বয়সৰ ক্ষেত্ৰত কিছু ৰেহাই আছে।
- প্ৰাক্তন সেনাবাহিনীঃ ২ বছৰ ৰেহাই
- অবিচিঃ ৩ বছৰ ৰেহাই
- এছচি, এছটি- ৫ বছৰ ৰেহাই
- দিব্যাংগ- ১০ বছৰ ৰেহাই।
দৰমহাঃ পে বণ্ড-২, ১৪০০০- ৭০,০০০. গ্ৰেড পে-৭,৪০০
অফিচিয়েল ৱেবচাইট- ক্লিক কৰক
কেনেকৈ আবেদন কৰিব
- এই পদৰ বাবে আবেদন কৰিবলৈ আপুনি প্ৰথমে DEE, Assam ৰ অফিচিয়েল ৱেবচাইটলৈ যাওক।
- পাছত আপুনি Important links ত ক্লিক কৰক।
- পাছত GOVT of assam লিংকত ক্লিক কৰক।
- তাত আপুনি বিভিন্ন চাকৰিৰ লিংক দেখিব।
- এপ্লাই কৰিব বিচৰা লিংকটোত ক্লিক কৰক।
- তাত আবেদন পত্ৰ আহিব।
- তাত ক্লিক কৰি সকলো তথ্য দাখিল কৰি চাবমিট কৰি দিব।
অন্য খবৰ পঢ়কঃ Assam job: অসমত ওলাইছে চাকৰিঃ যোগ্যতা অষ্টম উত্তীৰ্ণ, দৰমহা প্ৰায় ৫২,০০০টকা! ক’ত, কেনেকৈ আবেদন কৰিব জানক…