শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Republic Day 2026: গণৰাজ্য দিৱস কিয় পালন কৰা হয়? জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি…

Republic day 2026: প্ৰতিবছৰে ২৬ জানুৱাৰী দিনটো দেশে গণৰাজ্য দিৱস হিচাপে পালন কৰে। ভাৰতত গণৰাজ্য দিৱস পালন কৰাৰ বিশেষ মহত্ব আছে। এই দিনটোতে কৰ্তব্য পথত পতাকা উন্মোচন কৰে দেশৰ ৰাষ্ট্ৰপতিয়ে।

Republic Day 2026: গণৰাজ্য দিৱস কিয় পালন কৰা হয়? জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি…
গণৰাজ্য দিৱসImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 19 Jan 2026 20:02 PM

অহা ২৬ জানুৱাৰীত সমগ্ৰ ভাৰতবাসীয়ে পালন কৰিব ৭৭ সংখ্যক গণৰাজ্য দিৱস (Republic day 2026)। ১৯৫০ চনৰ এই দিনটোতে ভাৰতৰ সংবিধান গৃহীত হৈছিল। যাৰ বাবে ২৬ জানুৱাৰীৰ দিনটোত সমগ্ৰ দেশত গণৰাজ্য দিৱস পালন কৰা হয়। প্ৰতিবছৰৰ দৰে এইবাৰো দিল্লীত এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এইবাৰ গণৰাজ্য দিৱসত ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনে ৰিপাব্লিক ডে পেৰেড (আৰডিপি) ২০২৬ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

ইতিহাস

১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত ভাৰতৰ সংবিধান গৃহীত হৈছিল। যাৰ বাবে এই দিনটো দেশবাসীয়ে গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছে। দেশে স্বাধীনতা লাভ কৰাৰ সময়ত নিজা কোনো সংবিধান নাছিল। ভাৰতৰ আইনসমূহ ভাৰত চৰকাৰ আইন ১৯৩৫ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত ১৯৪৭ চনৰ ২৯ আগষ্টত ড০ বি আৰ আম্বেদকাৰৰ অধ্যক্ষতাত স্বতন্ত্ৰ সংবিধান প্ৰস্তুত কৰাৰ বাবে এখন খচৰা সমিতি গঠনৰ প্ৰস্তাৱ গৃহীত হয়। ইয়াৰ কিছু বছৰ পাছত সংবিধান গৃহীত হয়।

২৬ জানুৱাৰী কিয় বাছনি কৰা হৈছিল?

ভাৰতৰ সংবিধান প্ৰস্তুত হ’বলৈ ২ বছৰ ১১ মাহ সময়ৰ প্ৰয়োজন হৈছিল। তাৰ পাছতে ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা দেশৰ সংবিধান গৃহীত হয়। ইয়াৰোপৰি ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ শাসনৰ পৰা পূৰ্ণ স্বৰাজ (সম্পূৰ্ণ স্বাধীনতা) ঘোষণা কৰিছিল। এক কথা ক’বলৈ হ’লে,গণৰাজ্য দিৱস সংবিধান গ্ৰহণ আৰু ভাৰতৰ সাৰ্বভৌম গণৰাজ্য হিচাপে উত্থানৰ প্ৰতীক। যাৰ বাবে ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়।

মহত্ব

ভাৰতৰ দৰে এখন দেশত গণৰাজ্য দিৱসৰ মহত্ব অধিক। এই দিনটোতে ভাৰতে লাভ কৰিছিল নিজা সংবিধান, যাৰ দ্বাৰা দেশে নিজস্ব আইন আৰু ক্ষমতা লাভ কৰিছিল। এই দিনটোৱে ভাৰতৰ ঔপনিবেশিকৰ পৰা মুক্ত আৰু স্বাধীন দেশলৈ পৰিণত হোৱাৰ এক যাত্ৰা প্ৰতিফলিত কৰে। ইমানেই নহয়, এই দিনটোৱে আমাক মনত পেলাই দিয়ে দেশৰ হকে বলিদান দিয়া প্ৰতিগৰাকী শ্বদীহৰ কথা। গণৰাজ্য দিৱস ভাৰতৰ সাংবিধানিক যাত্ৰা, গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ শক্তি, আৰু বৈচিত্ৰ্যত ঐক্যৰ প্ৰতি দায়বদ্ধতাৰ লগতে শাসন, প্ৰতিৰক্ষা, প্ৰযুক্তি, আৰু সামাজিক উন্নয়নৰ উন্নতিৰ প্ৰতীক।

৭৭ সংখ্যক গণৰাজ্য দিৱস

চলিত বৰ্ষত দেশে পালন কৰিব ৭৭ সংখ্যক গণৰাজ্য দিৱস। ২০২৬ চনৰ গণৰাজ্য দিৱসৰ পেৰেডত ৰাষ্ট্ৰ গীত বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰা হ’ব। গ্ৰেণ্ড পেৰেডৰ বিষয়বস্তু ক্ৰমে- স্বাধীনতাৰ মন্ত্ৰ-বন্দে মাতৰম, সমৃদ্ধিৰ মন্ত্ৰ-আত্মনিৰ্ভৰ ভাৰত। এই দিনটোত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰতিনিধিত্ব কৰা ১৭টা আৰু বিভিন্ন মন্ত্ৰালয় আৰু বিভাগক প্ৰতিনিধিত্ব কৰা ১৩টাকে ধৰি মুঠ ৩০টা টেবুল প্ৰদৰ্শন হ’ব। ইয়াৰোপৰি ২৫০০ শিল্পীয়ে সাংস্কৃতিক ক্ষেত্ৰত অংশগ্ৰহণ কৰিব।

এইবাৰ গণৰাজ্য দিৱসৰ বাবে প্ৰায় ১০,০০০ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰোপৰি আয় আৰু নিয়োগ সৃষ্টি, প্ৰযুক্তি, উদ্ভাৱন, ষ্টাৰ্টআপ, আত্মসহায়ক গোট, আৰু মূল চৰকাৰী পদক্ষেপৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা ব্যক্তিসকলক সংশ্লিষ্ট বিভাগৰ সহায়ত চিনাক্ত কৰি অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।

 

অন্য খবৰ পঢ়কঃ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘গণৰাজ্য দিৱস’ৰ চমু ভাষণ, জানক এই দিনটোৰ বিষয়ে সকলো…