শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চকুত দেখা দিছে নেকি এই ৫টা লক্ষণ? হ’ব পাৰে শৰীৰত বেয়া কলেষ্টেৰল বৃৃদ্ধিৰ ইংগিত, জানক চিকিৎসকৰ পৰা…

আজিকালি বহু মানুহৰে কলেষ্টেৰল বৃদ্ধি হোৱা দেখা যায়। শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হোৱা এক ডাঙৰ সমস্যা। এই ক্ষেত্ৰত কিছুমান লক্ষণৰ প্ৰতি গুৰুত্ব দিব লাগে।

চকুত দেখা দিছে নেকি এই ৫টা লক্ষণ? হ’ব পাৰে শৰীৰত বেয়া কলেষ্টেৰল বৃৃদ্ধিৰ ইংগিত, জানক চিকিৎসকৰ পৰা…
চকুৰ সমস্যাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 20 Oct 2025 15:09 PM

হাই কলেষ্টেৰল এক ডাঙৰ সমস্যা। এই সমস্যা অতি গুৰুতৰ, কিয়নো কেতিয়াবা কোনো লক্ষণ নোহোৱাকৈ কলেষ্টেৰল বৃদ্ধি পায়।  ই হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলীৰ বাবে অতি বিপদজনক হ’ব পাৰে। জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱৰ বাবে এই সমস্যা হ’ব পাৰে।ভাল কলেষ্টেৰল আৰু বেয়া কৰেষ্টেৰ দুই প্ৰকাৰৰ। বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লে ই ৰক্তবাহী নলীত জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত তেজৰ সোঁতত বাধাৰ সৃষ্টি হয়।

বেয়া কলেষ্টেৰল বৃদ্ধি হ’লে চকুত বিশেষকৈ কিছুমান লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে ৰাজীৱ গান্ধী হাস্পতালৰ হৃদৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে। তেওঁ কয় যে, প্ৰাৰম্ভিক অৱস্থাত বিশেষ কোনো লক্ষণে দেখা নিদিয়ে। কিন্তু পাছত দেখা দিয়া কিছুমান সংকেত আওকান কৰা ভাল নহয়। এনে অৱস্থাত চকুত দেখা দিয়া কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-

চকুৰ পতাঃ উচ্চ কলেষ্টেৰলৰ এটা লক্ষণ হ”ল ক্জেনথেলেজমা। যত চকুৰ পতাৰ ভিতৰৰ কোনবোৰত সৰু,হালধীয়া গুটিৰ দৰে দেখা যায়। জাৰ্নেল অৱ দ্য আমেৰিকান একাডেমী অৱ ডাৰ্মাট’লজীত প্ৰকাশিত গৱেষণাৰ মতে ই কলেষ্টেৰলৰ সৈতে জড়িত।

চকুত বগা ৰংঃ ইয়াৰ আন এটা লক্ষণ চকুত কৰ্ণিয়াল আৰ্কাছ। এনে অৱস্থাত চকুৰ ৰঙা অংশৰ চাৰিওফালে এটা ধূসৰ ৰঙৰ ঘূৰণীয়া তৰপ তৈয়াৰ হয়।কৰ্ণিয়াত কলেষ্টেৰল জমা হোৱাৰ ফলত এনে হয়।

চকু ফুলাঃ চকু বা চকুৰ পতা ফুলা আন এটা লক্ষণ হ’ব পাৰে। শৰীৰত তৰল পদাৰ্থ জমা হ’লে ৰক্ত সঞ্চালনত প্ৰভাৱ পৰে। যাৰ ফলত এনে হয়।

চকুৰ তল ক’লা পৰাঃ চকুৰ তলত ক’লা বৃত্ত গঠন হোৱা কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। ৰক্তবাহী নলীত পোৱা চাপৰ ফলত এনে সমস্যা হ’ব পাৰে।

চকুৰ পতাঃ কলেষ্টেৰল বৃদ্ধি পালে চকুৰ পতাত আন কিছুমান লক্ষণে দেখা দিয়ে। চকুৰ পতা ডাঠ বা কঠিন হৈ পৰিব পাৰে। ইয়াৰোপৰি আন কিছুমান পৰিৱৰ্তন হ’ব পাৰে।

ইয়াৰোপৰি কলেষ্টেৰল বৃদ্ধি পালে সহজে ভাগৰুৱা অনুভৱ, বুকুত হেঁচা অনুভৱ, বুকুত বিষ, হাত-ভৰিৰ জিনজিননি, উশাহত সমস্যা আদি সংকেতে দেখা দিব পাৰে। যদি এই সমস্যা দীৰ্ঘদিন ধৰি হৈ থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ ভুলতো নলগাব টুথপেষ্ট, নিদিব ঘঁহি! চকু বা ছালত ফটকাই পুৰিলে কি কৰিব? জানক চিকিৎসকৰ পৰা…