Jobs: খালী ২,৬২৩ টা পদ, অৰ্হতা দশমৰ পৰা স্নাতক! ক’ত, কেনেকৈ আবেদন কৰিব, জানক…
ONGC Bharti 2025: অ' এন জি চিত কাম কৰাৰ সুযোগ। শেহতীয়াকৈ অ' এন জি চিৰ কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে যোগ্য আৰু ইচ্ছুকসকলে কৰিব পাৰে আবেদন।
আপুনিও ONGC ত কাম কৰিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আপোনাৰ বাবে আছে এক ভাল সুযোগ। অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেডে ২০২৫ চনৰ বাবে কেইবাটাও পদৰ বাবে নিযুক্তি ঘোষণা কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ২,৬২৩টা এপ্ৰেণ্টিছ পদ পূৰণ কৰা হ’ব। এপ্ৰেণ্টিছ আইন অনুসৰি ঘোষণা কৰা এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত দশমৰ পৰা স্নাতক উত্তীৰ্ণসকলেও আবেদন কৰিব পাৰে। গতিক আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰে। বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে আৰু শেষ তাৰিখ ২০২৫ চনৰ ১৭ নৱেম্বৰ।
যোগ্যতা
ONGC য়ে সমগ্ৰ দেশত এপ্ৰেণ্টিছশ্বিপ পদৰ বাবে এই নিযুক্তিৰ ঘোষণা কৰিছে। এই নিযুক্তি অভিযানৰ অধীনত মুঠ ২,৬২৩টা পদ পূৰণ কৰা হ’ব। দশম উত্তীৰ্ণ, আই টি আই ডিপ্লমা বা স্নাতকসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। পূৰ্বে আবেদনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল যদিও এতিয়া আবেদনৰ শেষ তাৰিখ ১৭ নৱেম্বৰ।
কেনেকৈ নিৰ্বাচন হ’ব
মেধাৰ ভিত্তিত হ’ব নিৰ্বাচন প্ৰক্ৰিয়া। প্ৰাৰ্থীসকলক তেওঁলোকৰ শৈক্ষিক নম্বৰৰ ভিত্তিত নিৰ্বাচন কৰা হ’ব। বাছনি তালিকা প্ৰকাশ পোৱাৰ পিছত নথিপত্ৰ পৰীক্ষণ আৰু চিকিৎসা পৰীক্ষা কৰা হ’ব। নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ৮,২০০ টকাৰ পৰা ১২,৩০০ টকালৈ ষ্টাইপেণ্ড লাভ কৰিব। এই ধনৰাশি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা আৰু ব্যৱসায়ৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হ’ব।
খালী পদ
দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ খালী পদ আছে। ইয়াৰ ভিতৰত উত্তৰ অঞ্চলত ১৬৫টা, মুম্বাইত ৫৬৯টা, পশ্চিম অঞ্চলত ৮৫৬টা, পূব অঞ্চলত ৪৫৮টা, দক্ষিণ অঞ্চলত ৩২২টা, আৰু মধ্য অঞ্চলত ২৫৩টা।
আবেদন প্ৰক্ৰিয়া কি
যদি আপুনি যোগ্য আৰু ইচ্ছুক তেন্তে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰে। ট্ৰেড ১ ৰ পৰ ২৯ নম্বৰলৈ আবেদনকাৰীয়ে apprenticeshipindia.gov.in পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। লগতে ট্ৰেড ৩০ ৰ পৰা ৩৯ নম্বৰলৈ nats.education.gov.in পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰে। ইয়াৰ বাবে প্ৰাৰ্থীক মেইল আইডি, মোবাইল নম্বৰ, শৈক্ষিক নথি পত্ৰ, পৰিচয়ৰ প্ৰমাণ আদিৰ প্ৰয়োজন হ’ব। অধিক জানিবলৈ ONGC ৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।
অন্য খবৰ পঢ়কঃ পৰীক্ষা নিদিয়াকৈ চাকৰি লাভৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…