শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Jobs: পৰীক্ষা নিদিয়াকৈ চাকৰি লাভৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Jobs: চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। পৰীক্ষা নিদিয়াকৈ এই পদৰ বাবে নিযুক্তি দিয়া হ'ব। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে আবেদন কৰিব পাৰে।

Jobs: পৰীক্ষা নিদিয়াকৈ চাকৰি লাভৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 07 Nov 2025 10:28 AM

পৰীক্ষা নিদিয়াকৈ চাকৰি লাভৰ ডাঙৰ সুযোগ! গতিকে আপুনিও যদি চাকৰি বিচাৰি আছে তেন্তে এই খবৰ আপোনাৰ বাবে হ’ব পাৰে। শেহতীয়াকৈ ইণ্ডিয়ান বেংকত কেইবাটাও পদৰ বাবে নিযুক্তিৰ আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া হোৱাৰ সুযোগ লাভ কৰিব। ইয়াৰ বাবে কোনো পৰীক্ষাও অনুষ্ঠিত নহয়।

গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে এই পদৰ বাবে অনলাইনৰ দ্বাৰা আবেদন কৰিব পাৰে। এই আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু ই ২১ নৱেম্বৰ, ২০২৫ লৈ চলিব। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰিব আবেদন।

পদ

এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ৬ টা অগ্নিনিৰ্বাপক বিষয়াৰ পদ পূৰণ কৰা হ’ব। এই পদসমূহ চেন্নাইস্থিত ইণ্ডিয়ান বেংকৰ মুখ্য কাৰ্যালয়ৰ বাবে। নিৰ্বাচিত প্ৰাৰ্থীসকলক ইণ্ডিয়ান বেংকৰ সহযোগী প্ৰবন্ধক/জ্যেষ্ঠ বিষয়াৰ পদত নিযুক্তি দিয়া হ’ব।

কেনেকৈ আবেদন কৰিব

এই পদসমূহৰ বাবে আপুনি অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে ২১ নৱেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে। ইয়াৰ বাবে indianbank.bank.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰোপৰি প্ৰাৰ্থীৰ বাবে ১০০০ টকা মাচুল নিৰ্ধাৰণ কৰা হৈছে।

অৰ্হতা

কেৱল নিৰ্বাচিত প্ৰাৰ্থীয়ে অগ্নিনিৰ্বাপক বিষয়া পদৰ বাবে আবেদন কৰিব পাৰিব। এই পদৰ বাবে নেশ্যনেল ফায়াৰ চাৰ্ভিচেজ কলেজ (NFSC) নাগপুৰৰ পৰা বিই (ফায়াৰ) বা কোনো অন্য বিশ্ববিদ্যালয়ৰ পৰা ফায়াৰ টেকনলজি/ফায়াৰ ইঞ্জিনিয়াৰিং/ছেফ্টি এণ্ড ফায়াৰ ইঞ্জিনিয়াৰিঙত বিটেক বা বিই থাকিব লাগিব।

ইয়াৰোপৰি NFSC নাগপুৰৰ পৰা ডিভিজনল অফিচাৰ কোৰ্টত ডিগ্ৰী লাভ কৰাসকলেও কৰিব পাৰিব আবেদন। ইয়াৰোপৰি ৩ বছৰৰ অভিজ্ঞতাৰ প্ৰয়োজন হ’ব। প্ৰাৰ্থীসকলৰ বয়স ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। অধিক জানিবলৈ এই ক্ষেত্ৰত অফিচিয়েল ৱেবচাইট চাব পাৰে।

কেনেকৈ নিৰ্বাচন কৰা হ’ব

নিৰ্ধাৰিত চৰ্ত অনুসৰি, চৰ্টলিষ্ট কৰাৰ পিছত তেওঁলোকক সাক্ষাৎকাৰৰ বাবে মাতিব। তাৰ পাছত মেধাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হ’ব।নিৰ্ধাৰিত প্ৰাৰ্থীসকলে ৩ বছৰৰ বাবে চুক্তিবদ্ধ হ’ব লাগিব, এই চুক্তি ৫ বছৰলৈ বৃদ্ধি কৰিব পাৰিব।

 

 

অন্য খবৰ পঢ়কঃ স্নাতকসকলৰ বাবে বায়ুসেনাত কাম কৰাৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…