শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ক্ৰিকেট ইতিহাসৰ এটা ক’লা দিন, চাওঁ আহক আজি দিনটোৰ ইতিহাস…

২০১৪ চনৰ ২৭ নৱেম্বৰত বাউন্সাৰ বলে মূৰত আঘাত কৰাৰ ফলত অষ্ট্ৰেলিয়াৰ বেটছমেন ফিলিপ হিউজৰ মৃত্যু হৈছিল। ২৭ নৱেম্বৰৰ দিনটোত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইতিহাসত লিপিবদ্ধ হোৱা অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা চাওঁ আহক।

ক্ৰিকেট ইতিহাসৰ এটা ক’লা দিন, চাওঁ আহক আজি দিনটোৰ ইতিহাস…
manas-borah
Manas Borah | Published: 27 Nov 2025 09:32 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ২০১৪ চনৰ ২৭ নৱেম্বৰত বাউন্সাৰ বলে মূৰত আঘাত কৰাৰ ফলত অষ্ট্ৰেলিয়াৰ বেটছমেন ফিলিপ হিউজৰ মৃত্যু হৈছিল। ছিডনীত দক্ষিণ অষ্ট্ৰেলিয়া আৰু নিউ চাউথ ৱেলছৰ মাজত অনুষ্ঠিত হোৱা এখন খেলৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা।সেই সময়ত তেওঁৰ বয়স আছিল ২৫ বছৰ। ইয়াৰ লগতে ২৭ নৱেম্বৰৰ দিনটোত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইতিহাসত লিপিবদ্ধ হোৱা অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা চাওঁ আহক।

দিনটোৰ ইতিহাস

  1. ১৭৯৫ চনত কলিকতাৰ এজ্ৰা ষ্ট্ৰীটত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে এখন বাংলা নাট মঞ্চস্থ কৰা হয়।
  2. ১৯৪৮ চনত নেচনেল কেডেট কৰ্পছ (এন চি চি) প্ৰতিষ্ঠা হয়।
  3. ১৯৭৫ চনত বিবিচিৰ অনুষ্ঠানৰ উপস্থাপক ৰছ মেকহুইৰ্ষ্টাৰক গুলীয়াই হত্যা কৰা হয়। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ সহ-প্ৰতিষ্ঠাপক হিচাপেও তেওঁ পৰিচিত।
  4. ১৮৯৫ চনত ছুইডেনৰ ৰসায়নবিদ, অভিযন্তা আৰু উদ্যোগী আলফ্ৰেড বাৰ্নাৰ্ড নোবেলে নিজৰ উইলত স্বাক্ষৰ কৰে, যাৰ ভিত্তিত নোবেল বঁটা প্ৰতিষ্ঠা হয় আৰু ১৯০১ চনত প্ৰথম নোবেল বঁটা প্ৰদান কৰা হয়।
  5. ১৯৪০ চনত ব্ৰুচ লীৰ জন্ম হয়। ছান ফ্ৰান্সিস্কোত জন্মগ্ৰহণ কৰা আৰু হংকঙত ডাঙৰ-দীঘল হোৱা ব্ৰুচে যুদ্ধ কলাৰ স্নাতক আছিল আৰু ১৯৭০ চনত বহুকেইখন যুদ্ধ কলাৰ ছবিত অভিনয় কৰি এই শিল্পকলা বিশ্বজুৰি বিয়পাইছিল।
  6. ২০০১ চনত হাবল টেলিস্কোপে সৌৰজগতৰ বাহিৰৰ অচিৰিছ গ্ৰহত হাইড্ৰজেন সমৃদ্ধ বায়ুমণ্ডল আৱিষ্কাৰ কৰে। সৌৰজগতৰ বাহিৰত এনে বায়ুমণ্ডল থকা এইটোৱেই প্ৰথম গ্ৰহ।
  7. ২০০৮ চনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ দেহাৱসান।
  8. ২০১২ চনত ইউৰো মণ্ডলে আৰ্থিক সংকটৰ সন্মুখীন হোৱা গ্ৰীচক ৪৩.৭ বিলিয়ন ইউৰো ঋণ দিয়াৰ কথা ঘোষণা কৰে।
  9. ২০১৩ চনত বিশ্বৰ সৰ্বাধিক উপাৰ্জন কৰা এনিমেটেড ছবি ফ্ৰ’জেন মুক্তি লাভ কৰে।
  10. ২০১৯ চনত ভাৰতীয় নৌসেনাৰ প্ৰাক্তন মুৰব্বী এডমিৰেল সুশীল কুমাৰৰ মৃত্যু।