শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Economics Nobel Prize: তিনি অৰ্থনীতিজ্ঞলৈ অৰ্থনীতিৰ নোবেলঃ কি আছিল তেওঁলোকৰ গৱেষণাৰ বিষয়…

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ঘোষণা কৰিছে চলিত বৰ্ষৰ অৰ্থনীতিৰ বঁটা নোবেল বিজয়ীসকলৰ নাম। তিনি অৰ্থনীতিজ্ঞ ডেৰন এচমৌগ্লু, চাইমন জনছন আৰু জেমছ এ ৰবিন্সনলৈ এই সন্মান আগবঢ়োৱা হৈছে। বিশ্বৰ দেশসমূহৰ মাজত থকা সমৃদ্ধিগত পাৰ্থক্যৰ ওপৰত কৰা গৱেষণাৰ বাবে তেওঁলোক তিনিজনক এই বঁটা প্ৰদান কৰা হৈছে।

Economics Nobel Prize: তিনি অৰ্থনীতিজ্ঞলৈ অৰ্থনীতিৰ নোবেলঃ কি আছিল তেওঁলোকৰ গৱেষণাৰ বিষয়…
অৰ্থনীতিৰ নোবেল ঘোষণা
monjit-dutta
Monjit Dutta | Updated On: 14 Oct 2024 18:19 PM

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ঘোষণা কৰিছে চলিত বৰ্ষৰ অৰ্থনীতিৰ বঁটা নোবেল বিজয়ীসকলৰ নাম। তিনি অৰ্থনীতিজ্ঞ ডেৰন এচমৌগ্লু, চাইমন জনছন আৰু জেমছ এ ৰবিন্সনলৈ এই সন্মান আগবঢ়োৱা হৈছে। বিশ্বৰ দেশসমূহৰ মাজত থকা সমৃদ্ধিগত পাৰ্থক্যৰ ওপৰত কৰা গৱেষণাৰ বাবে তেওঁলোক তিনিজনক এই বঁটা প্ৰদান কৰা হৈছে। অৰ্থনীতিবিদ তিনিগৰাকীৰ নাম ঘোষণা কৰি ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সৰ নোবেল কমিটীয়ে তিনিওজন অৰ্থনীতিবিদে ‘দেশৰ সমৃদ্ধিৰ বাবে সামাজিক প্ৰতিষ্ঠানৰ গুৰুত্ব প্ৰদৰ্শন কৰিছে’বুলি উল্লেখ কৰে।

নোবেল কমিটীয়ে লগতে কয় যে ‘আইনৰদুৰ্বল শাসন আৰু জনসাধাৰণক শোষণ কৰা প্ৰতিষ্ঠান থকা সমাজত উন্নয়ন বা দ্ৰুত পৰিৱৰ্তন নহয়। বঁটা বিজয়ী ডেৰন এচমৌগ্লু, চাইমন জনছন আৰু জেমছ এ ৰবিন্সনৰ গৱেষণাই ইয়াৰ আঁৰৰ বুজাত সহায় কৰে বুলি নোবেল কমিটীয়ে লগতে কয়। নোবেল বিজয়ী ডেৰন আৰু চাইমন মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিত কাম কৰাৰ বিপৰীতে ৰবিনছনে চিকাগো বিশ্ববিদ্যালয়ত গৱেষণা কৰে।

সম্প্ৰতি বিশ্বৰ আটাইতকৈ ধনী আৰু দৰিদ্ৰ দেশসমূহৰ মাজত অৰ্থনৈতিম পাৰ্থক্য বৃদ্ধি পাইছে। সমান্তৰালকৈ ধনী আৰু দৰিদ্ৰ দেশৰ আয়ৰ ব্যৱধানো অব্যাহত আছে। এইবাৰৰ অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী তিনি অৰ্থনীতিজ্ঞই এই স্থায়ী ব্যৱধানৰ এক নতুন বাখ্যাৰ সন্ধান পাইছে। বঁটা বিজয়ীসকলে প্ৰমাণ পত্ৰ, এটা সোণৰ পদক আৰু এক মিলিয়ন ডলাৰ পুৰস্কাৰ লাভ কৰিব।

উল্লেখ্য যে ইতিমধ্যে পদাৰ্থ বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য, শান্তি আৰু ৰসায়ন বিজ্ঞানৰ নোবেল বিজয়ীসকল নামো ঘোষণা কৰা হৈছে। জন হপফিল্ড আৰু জিঅ’ফ্ৰি হিন্টনলৈ এই বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল আগবঢ়োৱা হৈছে। একেদৰে ইক্ৰ’ মাইক্ৰ’ RNAৰ ওপৰত কৰা গৱেষণাৰ বাবে আমেৰিকাৰ বিজ্ঞানী ভিক্টৰ এম্ব্ৰ’জ আৰু গেৰী ৰুভকুনক চিকিৎসা বিজ্ঞানৰ নোবেল প্ৰদান কৰা হৈছে।

মাইক্ৰ’ RNAৰ ওপৰত কৰা এই গৱেষণাই মানৱ শৰীৰৰ ভিতৰত জিনে কেনেদৰে কাম কৰে আৰু ই কেনেকৈ মানৱ শৰীৰৰ বিভিন্ন কলাৰ জন্ম দিয়ে সেই বিষয়ে বুজাত সহায় কৰিছে। আনহাতে ডেভিদ বেকাৰ, ডেমিচ হাচাবিচ আৰু জন জাম্পাৰে লাভ কৰিছে ৰসায়ন বিজ্ঞানৰ নবেল বঁটা। ইফালে দক্ষিণ কোৰিয়াৰ সাহিত্যিক হান কাঙে লাভ কৰিছে সাহিত্যৰ নবেল বঁটা।

জাপানী নিহন হিডানকিঅ’য়ে লাভ কৰিছে এই বৰ্ষৰ শান্তিৰ নোবেল বঁটা। পাৰমাণৱিক অস্ত্ৰমুক্ত পৃথিৱী গঢ়াৰ লক্ষ্যৰে চলাই থকা প্ৰয়াসৰ বাবে জাপানী সংগঠনটোলৈ এই বঁটা আগবঢ়োৱা হৈছে। সংগঠনটোৱে লগতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিৰোছিমা আৰু নাগাচাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ পৰা উদ্ধাৰ হোৱা লোকসকলৰ বাবেও যুঁজ দি আহিছে।