শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Bank Job: বেংকত চাকৰি লাভৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Bank Job: চাকৰি বিচাৰি থকা স্নাতকসকলৰ বাবে আছে এক ভাল খবৰ। বেংক অফ ইণ্ডিয়াত ওলাইছে চাকৰি। ২৫ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা আবেদন প্ৰক্ৰিয়া ১০ জানুৱাৰীলৈ চলিব। গতিকে কৰিব পাৰে আবেদন।

Bank Job: বেংকত চাকৰি লাভৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 26 Dec 2025 14:03 PM

চাকৰি বিচাৰি থকা যুৱক-যুৱতীসকলৰ বাবে আছে এক ভাল খবৰ। বেংক অফ ইণ্ডিয়া (Bank of India)ত ওলাইছে চাকৰি। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত প্ৰায় ৪০০ টকা এপ্ৰেন্টিছৰ পদ পূৰ কৰা হ’ব। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰে। আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে। ২৫ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। এই আবেদনৰ শেষ তাৰিখ ১০ জানুৱাৰী, ২০২৬। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰে।

পদৰ বিৱৰণ

  • পদৰ নামঃ এপ্ৰেন্টিছ (Apprentice)
  • পদৰ সংখ্যাঃ ৪০০ টকা
  • অসমত পদৰ সংখ্যাঃ ১০ টকা
  • সময়ঃএবছৰীয়া এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণ কাৰ্যসূচীত সীমাবদ্ধ থাকিব।
  • ষ্টাইপেণ্ডঃ ১৩,০০০ টকা প্ৰতিমাহ।

অৰ্হতা

  • প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ’ব লাগিব।
  • বয়স ২০ ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকে ৰেহাই লাভ কৰিব।
  • প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব।

মাচুল

  • জেনেৰেল, অবিচিঃ ৮০০ টকা, লগতে জি এছ টি।
  • সংৰক্ষিত শ্ৰেণীঃ ৬০০ টকা,লগতে জি এছ টি।
  • দিব্যাংগঃ ৪০০ টকা, লগতে জি এছ টি।

অনলাইন আবেদনঃ ক্লিক কৰক

অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি Bank of India Recruitment Portalত যাওক।
  • Important Web-Linksত ক্লিক কৰক।
  • “Online Application Form” ক্লিক কৰক।
  • ৰেজিষ্টাৰ কৰক।
  • আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি মাচুল জমা কৰক।
  • চাবমিট কৰক।

আবেদন কৰাৰ সময়ত প্ৰয়োজনীয় নথি পত্ৰ নিজৰ লগত ৰাখিব। এই ক্ষেত্ৰত যদি অধিক জানিব বিচাৰে তেন্তে বেংকটোৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ স্নাতকৰ বাবে বেংকত চাকৰিঃ খালী ৯০০ ৰো অধিক পদ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…