শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সন্তানৰ মোবাইল আসক্তিৰ বাবে হৈছে নেকি চিন্তিত? এই পাঁচ সহজ উপায়েৰে দূৰ কৰিব পাৰিব অভ্যাস…

প্ৰায়ে পিতৃ-মাতৃয়ে শিশুক গালি-গালাজ কৰি বা মাৰপিট কৰি ফোন আসক্তিৰ পৰা মুকলি কৰাৰ চেষ্টা চলায়। কিন্তু এই পদ্ধতি কেতিয়াও গ্ৰহণ কৰিব নালাগে। গতিকে শিশুক মোবাইলৰ আসক্তিৰ পৰা কেনেদৰে উলিয়াই আনিব পাৰিব, তাৰ কেইটামান সহজ পন্থাৰ বিষয়ে জানো আহক।

সন্তানৰ মোবাইল আসক্তিৰ বাবে হৈছে নেকি চিন্তিত? এই পাঁচ সহজ উপায়েৰে দূৰ কৰিব পাৰিব অভ্যাস…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Visual China Group via Getty Images
monjit-dutta
Monjit Dutta | Published: 30 May 2025 23:31 PM

বৰ্তমান সময়ত শিশুৰ মোবাইল আসক্তি এক চিনাকি দৃশ্য হৈ পৰিছে। কোনো কোনো অভিভাৱক যদিও এই কথাত চিন্তিতও হৈছে, কেতিয়াবা আকৌ একাংশ অভিভাৱকে সন্তানৰ হাতত মোবাইল তুলি দি আমনিৰ পৰা সকাহ লাভৰ চেষ্টাও কৰা দেখা যায়। পিছে চিন্তা তথা সকাহ যিয়েও নহওক কিয়, মোবাইলৰ অত্যধিক ব্যৱহাৰ শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে উচিত নহয়। মোবাইলৰ নিচা এতিয়া ইমানেই বাঢ়িছে যে শিশুসকল শাৰীৰিক পৰিশ্ৰমৰ পৰা আঁতৰি আহি কম বয়সতে ৰোগৰ চিকাৰ হৈছে।

প্ৰায়ে পিতৃ-মাতৃয়ে শিশুক গালি-গালাজ কৰি বা মাৰপিট কৰি ফোন আসক্তিৰ পৰা মুকলি কৰাৰ চেষ্টা চলায়। কিন্তু এই পদ্ধতি কেতিয়াও গ্ৰহণ কৰিব নালাগে। শিশুৱে নিজৰ দাবী পূৰণ নহ’লেই জেদ ধৰে আৰু সেইবাবেই বহু সময়ত অনিচ্ছা স্বত্বেও অভিভাৱকে সন্তানৰ হাতত মোবাইল তুলি দিয়ে। এইদৰে কিছুদিন পুনৰাবৃত্তি ঘটিলে লাহে লাহে মোবাইল ব্যৱহাৰ কৰাটো তেওঁলোকৰ জীৱনশৈলীৰ এটা অংশ হৈ পৰে।

গতিকে শিশুক মোবাইলৰ আসক্তিৰ পৰা কেনেদৰে উলিয়াই আনিব পাৰিব, তাৰ কেইটামান সহজ পন্থাৰ বিষয়ে জানো আহক-

অভিভাৱকে ফোন ব্যৱহাৰ কমাব লাগে

শিশুৱে চৌপাশৰ পৰিৱেশ-পৰিস্থিতিৰ পৰা যিকোনো কথা আয়ত্ব কৰে। এনে পৰিস্থিতিত যদি শিশুটিৰ অভিভাৱকে দিনটোৰ অধিকাংশ সময় ফোনত ব্যস্ত থাকে, তেতিয়া শিশুটিৰ কৌতুহলো বাঢ়ি যায় আৰু শিশুৰ মনতো ফোন ব্যৱহাৰৰ আশা জাগে।

মৰমেৰে বুজাওক

যদি আপুনি শিশুটিৰ ফোন আসক্তিৰ অভ্যাসৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেতিয়াহ’লে তেওঁলোকক মৰমেৰে বুজাওক যে ফোন ব্যৱহাৰ কৰাটো তেওঁলোকৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। যদি আপুনি শিশুটিক যিকোনো এটা কথাৰ বাবে গালি-গালাজ কৰে, তেতিয়া তেওঁ জেদী হৈ পৰে আৰু বাৰে বাৰে একেবোৰ কাম কৰে।

সৃষ্টিশীল কামত জড়িত কৰাওক

সন্তানক জোৰেৰে অভ্যাস ত্যাগ কৰোৱাৰ বিপৰীতে তেওঁলোকৰ লগত সময় কটাওক। নতুন সৃষ্টিশীল কাম যেনে চিত্ৰকলা, সংগীত, নৃত্য, যোগাসন, খেলৰ সৈতে তেওঁলোকক জড়িত কৰাওক। ইয়াৰ দ্বাৰা কেৱল মোবাইলৰ আসক্তিৰ পৰা মুক্তি পোৱাই নহয়, শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবেও ই এক উত্তম বিকল্প।

নিৰ্দিষ্ট সময়সূচী

আপোনাৰ সন্তানে দিনটোত পাৰ কৰা সময়খিনিত কি কি কাৰ্য কৰে, তাৰ বাবে এক সঠিক সময়সূচী বনাওক। ইয়াৰ ফলত শিশুটিয়ে দিনটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়েও জানিব পাৰিব। এই সময়সূচীত শোৱা, খোৱা-বোৱা, খেলা-ধূলা আৰু পঢ়া-শুনাৰ সময় নিৰ্ধাৰণ কৰক। ইয়াৰ পিছত তেওঁলোকক দিনটোত মাত্ৰ ২০ৰ পৰা ৩০ মিনিটৰ বাবেহে ফোন দেখুৱাব লাগে।

ফোনটো শিশুৰ ওচৰত নাৰাখিব

আপোনাৰ ফোন শিশুৰ ওচৰত নাৰাখিব। ফোনটো তেওঁলোকৰ দৃষ্টিৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। সমুখতে ফোনটো দেখা পাই নাথাকিলে শিশুৰ মনত ফোনৰ প্ৰতি প্ৰলোভনো হ্ৰাস পাব।