ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
১৯৬৪ চনৰ আজিৰ দিনটোতে সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ-নিৰ্মাতা আৰু নাট্যকাৰ পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ মৃত্যু হয় । একেদৰে ১৯৮২ চনৰ আজিৰ দিনটোতে লেখক, সংস্কৃত ভাষা পণ্ডিত আৰু শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হয় । ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা ।

Image Credit source: wikipedia
বহু ঘটনা পৰিঘটনাৰ বাবে আজি ৭ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটো অসমবাসীৰ বাবেও এক স্মৰণীয় দিন । কিয়নো আজি পাৰ্ৱতি প্ৰসাদ বৰুৱা আৰু কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু বাৰ্ষিকী । ১৯৬৪ চনৰ আজিৰ দিনটোতে সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ-নিৰ্মাতা আৰু নাট্যকাৰ পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ মৃত্যু হয় । একেদৰে ১৯৮২ চনৰ আজিৰ দিনটোতে লেখক, সংস্কৃত ভাষা পণ্ডিত আৰু শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হয় । ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা ।
দিনটোৰ ইতিহাস
- ১৯৬৪ চনৰ আজিৰ দিনটোতে সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ-নিৰ্মাতা আৰু নাট্যকাৰ পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ মৃত্যু হয়।
- ১৯৮২ চনৰ আজিৰ দিনটোতে লেখক, সংস্কৃত ভাষা পণ্ডিত আৰু শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হয় ।
- ১৫৫৭ চনৰ আজিৰ দিনটোতে ইংলেণ্ডে ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
- ১৬৫৪ চনৰ আজিৰ দিনটোতে ১৪ নং লুই ফ্ৰান্সৰ ৰজা হয়।
- ১৭৮০ চনৰ আজিৰ দিনটোতে লণ্ডনত কেথলিক বিৰোধী হিংসা আৰম্ভ হয়, প্ৰায় ১০০ জন লোকৰ মৃত্যু হয়।
- ১৯২৯ চনৰ আজিৰ দিনটোতে ভেটিকান চহৰ এখন সাৰ্বভৌম দেশ হিচাপে পৰিগণিত হয়।
- ১৯৭৫ চনৰ আজিৰ দিনটোতে লৰ্ডছ ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথম বিশ্বকাপৰ প্ৰথমখন খেল অনুষ্ঠিত হয়। এই মেচত পৰাস্ত হৈছিল ভাৰত।