শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে শাস্ত্ৰীয় সংগীতৰ প্ৰথম ৰেকৰ্ডিং কৰা হয়। ছোভিয়েট ইউনিয়ন আৰু চীনে অ-আগ্ৰাসন চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…
দিনটোৰ ইতিহাসImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 29 Jun 2025 07:00 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২৯ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে লণ্ডনৰ শ্বেক্সপীয়েৰৰ গ্ল’ব থিয়েটাৰত অগ্নিকাণ্ড সংঘটিত হয়। আজিৰ দিনটোতে শাস্ত্ৰীয় সংগীতৰ প্ৰথম ৰেকৰ্ডিং কৰা হয়। ছোভিয়েট ইউনিয়ন আৰু চীনে অ-আগ্ৰাসন চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস

  1. ১৬১৩ চনত লণ্ডনৰ শ্বেক্সপীয়েৰৰ গ্ল’ব থিয়েটাৰত অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হয়।
  2. ১৭৫৭ চনত ক্লাইভে মুৰ্ছিদাবাদত প্ৰৱেশ কৰি মিৰ জাফৰক বংগ, বিহাৰ আৰু ওড়িশাৰ নবাব হিচাপে মুকুট পিন্ধায়।
  3. ১৮৮৮ চনত শাস্ত্ৰীয় সংগীতৰ প্ৰথম ৰেকৰ্ডিং কৰা হয়।
  4. ১৯১৩ চনত গ্ৰীচ, ছাৰ্বিয়া, মণ্টেনেগ্ৰো, ৰোমানিয়া আৰু অট্টোমান সাম্ৰাজ্যৰ সৈতে বুলগেৰিয়াৰ যুদ্ধ আৰম্ভ হয়, যাক দ্বিতীয় বাল্কন যুদ্ধ বুলি জনা যায়।
  5. ১৯৩২ চনত ছোভিয়েট ইউনিয়ন আৰু চীনে অ-আগ্ৰাসন চুক্তি স্বাক্ষৰ কৰে।
  6. ১৯৭৪ চনত ছিচেলছ দ্বীপপুঞ্জে স্বাধীনতা লাভ কৰে।
  7. ২০০৪ চনতপূব এছিয়া সন্মিলন (জাকাৰ্টা)ত ASEAN ক এখন ডাঙৰ শক্তি হিচাপে গঢ়ি তোলাৰ বাবে চুক্তি হয়।
  8. ২০০৭ চনত শচীন টেণ্ডুলকাৰে এদিনীয়া ক্ৰিকেটত ১৫ হাজাৰ ৰান সম্পূৰ্ণ কৰে।
  9. ২০১৩ চনত কেলিফৰ্ণিয়াই সমকামী বিবাহৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লয়।