শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে হালদীঘাটীৰ যুদ্ধ আৰম্ভ হয় । আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জেমছ মেডিচনে ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ঐতিহাসিক ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
Image Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 18 Jun 2025 08:04 AM

আজি ১৮ জুনৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে হালদীঘাটীৰ যুদ্ধ আৰম্ভ হয় । আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জেমছ মেডিচনে ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। আজিৰ দিনটোতে নেপোলিয়ন বোনাপাৰ্টে ৱাটাৰলু যুদ্ধত পৰাজয়ৰ সন্মুখীন হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ঐতিহাসিক ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৫৭৬ চনৰ আজিৰ দিনটোতে আকবৰ আৰু মহাৰাণা প্ৰতাপৰ মাজত হালদীঘাটীৰ যুদ্ধ আৰম্ভ হয়।
  2. ১৮১২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জেমছ মেডিচনে ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  3. ১৮১৫ চনৰ আজিৰ দিনটোতে নেপোলিয়ন বোনাপাৰ্টে ৱাটাৰলু যুদ্ধত পৰাজয়ৰ সন্মুখীন হয়।
  4. ১৯৪১ চনত তুৰস্কই নাজী জাৰ্মানীৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰে।
  5. ১৯৪৬ চনৰ আজিৰ দিনটোতে পৰ্তুগীজৰ পৰা গোৱাক মুক্ত কৰিবলৈ প্ৰথম সত্যগ্ৰহ আন্দোলন আৰম্ভ হয়।
  6. ১৯৭২ চনত ব্ৰিটিছ ইউৰোপীয় বিমান ৫৪৮ উৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বিমানখনত থকা ১১৮ জন লোকৰ মৃত্যু হয়।
  7. ১৯৭৯ চনআ আজিৰ দিনটোতে আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি স্বাক্ষৰিত হয়।
  8. ২০০৯ চনত নাছাই পানীৰ সন্ধানত চন্দ্ৰলৈ এখন বিশেষ মহাকাশযান প্ৰেৰণ কৰে।

লগতে পঢ়ক : Morning News: চাওঁ আহক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…