শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: চাওঁ আহক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

Morning News: চাওঁ আহক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
manas-borah
Manas Borah | Updated On: 18 Jun 2025 07:22 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. কানাডা ভ্ৰমণ সামৰি ক্ৰ’ৱেচিয়ালৈ ৰাওন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তিনিখন দেশৰ ভ্ৰমণত আছিল প্ৰধানমন্ত্ৰী । ক্ৰ’ৱেচিয়া হ’ব প্ৰধানমন্ত্ৰী এই ভ্ৰমণৰ অন্তিমখন । ইয়াৰ পূৰ্বে কানাডা ভ্ৰমণ কালত জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে । মঙলবাৰে এক্সত প্ৰকাশ কৰা পোষ্টত তেওঁ কয় যে, “এটা উৎপাদনশীল কানাডা ভ্ৰমণৰ সামৰণি। কানাডাৰ জনসাধাৰণ আৰু চৰকাৰক ধন্যবাদ জনাইছো যে, এক সফল জি-৭ শীৰ্ষ সন্মিলন আয়োজন কৰা হৈছে, যিয়ে বৈচিত্ৰময় বিশ্বজনীন বিষয়ৰ ওপৰত ফলপ্ৰসূ আলোচনাৰ সাক্ষী হৈছিল।”
  2. সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি পুনৰ দৃঢ় কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ৰ নেতাসকলক সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে, আৰু ইয়াক “প্ৰচাৰ আৰু সমৰ্থন” কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
  3. শ্ৰীভূমি জিলাত পুনৰ ৮ কোটি টকাৰ ড্ৰাগছ জব্দ আৰক্ষীৰ । ইয়াৰ লগতে এজন লোকক আটক কৰিছে আৰক্ষীয়ে । এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীয়ে জনাইছে যে, এটা নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযানত শ্ৰীভূমি আৰক্ষীয়ে এখন বাহন আটক কৰি ৮ কোটি টকাৰ ৪০ হাজাৰ YABA টেবলেট জব্দ কৰে। লগতে এজন লোকক আটক কৰা হৈছে ।
  4. অসমৰ গোৱালপাৰা জিলাৰ হাচিলা বিলৰ উচ্ছেদ অভিযান সম্পূৰ্ণ কৰিলে প্ৰশাসনে । চৰকাৰী মাটিত বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰা ৬৬৭টা পৰিয়ালক আঁতৰাবলৈ অসম চৰকাৰৰ উচ্ছেদ অভিযান মঙলবাৰে সম্পূর্ণ হোৱা বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে৷ কটকটীয়া নিৰাপত্তাৰ মাজত সোমবাৰে পুৱাৰে পৰা উচ্ছেদ অভিযান চলাই আছিল যদিও বৰষুণৰ বাবে বিয়লি বন্ধ কৰিবলগীয়া হৈছিল। মঙলবাৰে পুৱা পুনৰ আৰম্ভ হোৱা এই অভিযান শান্তিপূৰ্ণভাৱে সন্ধিয়ালৈকে সম্পূৰ্ণ হয় ।
  5. আগন্তুক দুদিনত অসম আৰু চুবুৰীয়া মেঘালয়ত হ’ব ধাৰাষাৰ বৰষুণ। বুধবাৰ আৰু বৃহস্পতিবাৰৰ বাবে প্ৰযোজ্য হৈ থাকিব এই সতৰ্কবাণী । এ এছ ডি এম এৰ মতে কেইবাখনো জিলাৰ বিভিন্ন অঞ্চলত অতি প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ হ’ব পাৰে।
  6. বিএনএছএছৰ ১৬৩ ধাৰা জাৰি ভাৰত-বাংলাদেশ সীমান্তত। বাংলাদেশৰ উগ্ৰপন্থীৰ গতিবিধিত বাধা দিয়াৰ লগতে অবৈধভাৱে সামগ্ৰী আৰু গৰু-ম’হৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে কাছাৰ জিলা প্ৰশাসনে । বিএনএছএছৰ ১৬৩ নং ধাৰাত এই নিষেধাজ্ঞা জাৰি কৰিছে জিলা উপায়ুক্ত মৃদুল যাদৱে।

লগতে পঢ়ক : আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…