শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

১৯৪৩ চনৰ আজিৰ দিনটোতে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল কুশল কোঁৱৰক । ইয়াৰ লগতে বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
Image Credit source: GettyImage
manas-borah
Manas Borah | Published: 15 Jun 2025 09:38 AM

আজি ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু বাৰ্ষিকী । ১৯৪৩ চনৰ আজিৰ দিনটোতে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল কুশল কোঁৱৰক । তেওঁ আছিল অসমৰ শেষৰজন শ্বহীদ তথা ৪২’ৰ ভাৰত ত‍্যাগ আন্দোলনৰ ফাঁচী বৰণ কৰা একমাত্ৰ শ্বহীদ । ইয়াৰ লগতে বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৮৯৬ চনৰ আজিৰ দিনটোতে জাপানৰ ইতিহাসত আটাইতকৈ ভয়াৱহ ভূমিকম্প হৈছিল । ভূমিকম্প আৰু তাৰ পিছত হোৱা ছুনামীৰ ফলত ২২,০০০ লোকৰ মৃত্যু হয়।
  2. ১৯৪৩ চনৰ ১৫ জুনত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰক।
  3. ১৯০৮ চনৰ আজিৰ দিনটোতে কলিকতা ষ্টক এক্সচেঞ্জ আৰম্ভ হয়।
  4. ১৯৪৭ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত ভাৰত বিভাজনৰ বাবে ব্ৰিটিছৰ পৰিকল্পনাক সৰ্বভাৰতীয় কংগ্ৰেছে মানি লয়।
  5. ১৯৫৪ চনৰ আজিৰ দিনটোতে ইউৰোপৰ ফুটবল সংস্থা ইউএফএ (ইউনিয়ন অৱ ইউৰোপিয়ান ফুটবল এছ’চিয়েচনছ) গঠন হয়।
  6. ১৯৯৪ চনত ইজৰাইল আৰু ভেটিকান চহৰৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হয়।
  7. ২০০৬ চনৰ আজিৰ দিনটোতে ভাৰত আৰু চীনে পুৰণি ৰেচম পথ মুকলি কৰাৰ সিদ্ধান্ত লয়।