শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে আৰ্জেণ্টিনাৰ বিপ্লৱী নেতা চে গুৱেভাৰাৰ জন্ম। ১৯৫৯ চনত কিউবাত হোৱা অভ্যুত্থানত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
Image Credit source: GettyImage
manas-borah
Manas Borah | Published: 14 Jun 2025 07:30 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে আৰ্জেণ্টিনাৰ বিপ্লৱী নেতা চে গুৱেভাৰাৰ জন্ম। ১৯৫৯ চনত কিউবাত হোৱা অভ্যুত্থানত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান একনায়কত্ববাদী হিটলাৰৰ নেতৃত্বত প্ৰায় এমাহ ধৰি পশ্চিম ইউৰোপত বিমান আক্ৰমণ চলাই জাৰ্মান সেনাই ফ্ৰান্সৰ ৰাজধানী পেৰিছত প্ৰৱেশ কৰে। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৬৫৮ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ আৰু ফ্ৰান্সৰ বাহিনীয়ে ডুনছ যুদ্ধত স্পেইনক পৰাস্ত কৰে।
  2. ১৭৭৭ চনতৰ আজিৰ দিনটোতে আমেৰিকাৰ কংগ্ৰেছে এখন বৈঠকত দেশখনৰ বাবে ১৩টা ৰঙা আৰু বগা ৰেখাৰে নতুন পতাকাৰ ৰূপ নিৰ্ধাৰণ কৰে। ১৮৮৫ চনৰ পৰা আমেৰিকাত এই দিনটো পতাকা দিৱস হিচাপে পালন কৰা হয়।
  3. ১৯০৭ চনৰ আজিৰ দিনটোতে নৰৱেত মহিলাসকলে ভোটাধিকাৰ লাভ কৰে।
  4. ১৯৩৪ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত হিটলাৰ আৰু মুছলিনীৰ সাক্ষাৎ।
  5. ১৯২৮ চনৰ আজিৰ দিনটোতে আৰ্জেণ্টিনাৰ বিপ্লৱী নেতা চে গুৱেভাৰাৰ জন্ম। ১৯৫৯ চনত কিউবাত হোৱা অভ্যুত্থানত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
  6. ১৯৪০ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান একনায়কত্ববাদী হিটলাৰৰ নেতৃত্বত প্ৰায় এমাহ ধৰি পশ্চিম ইউৰোপত বিমান আক্ৰমণ চলাই জাৰ্মান সেনাই ফ্ৰান্সৰ ৰাজধানী পেৰিছত প্ৰৱেশ কৰে।
  7. ১৯৪৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জন্ম।
  8. ১৯৬৯ চনৰ আজিৰ দিনটোতে জাৰ্মান টেনিছ তাৰকা ষ্টেফি গ্ৰাফৰ জন্ম।
  9. উল্লেখ্য যে, ১৪ জুনৰ দিনটোত সমগ্ৰ বিশ্বতে বিশ্ব ৰক্তদান দিৱস হিচাপে পালন কৰা হয়।