ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
আজিৰ দিনটোতে নাছিৰুদ্দিন মহম্মদ শ্বাহ দিল্লীৰ শাসক হয়। আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে ফ্ৰান্স আৰু ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাসমূহ ।

Image Credit source: GettyImage
আজিৰ ১০ জুনৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে নাছিৰুদ্দিন মহম্মদ শ্বাহ দিল্লীৰ শাসক হয়। আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে ফ্ৰান্স আৰু ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাসমূহ ।
দিনটোৰ ইতিহাস
- ১২৪৬ চনৰ আজিৰ দিনটোতে নাছিৰুদ্দিন মহম্মদ শ্বাহ দিল্লীৰ শাসক হয়।
- ১৮৪৮ চনৰ আজিৰ দিনটোতে নিউয়ৰ্ক আৰু চিকাগোৰ মাজত প্ৰথম টেলিগ্ৰাফ সংযোগ আৰম্ভ হয়।
- ১৯৩১ চনৰ আজিৰ দিনটোতে নৰৱেই ইষ্ট গ্ৰীণলেণ্ড দখল কৰে।
- ১৯৩৪ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়ন আৰু ৰোমানিয়াৰ মাজত পুনৰ কূটনৈতিক সম্পৰ্ক স্থাপন হয়।
- ১৯৪০ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে ফ্ৰান্স আৰু ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
- ১৯৪৬ চনৰ আজিৰ দিনটোতে ৰাজতন্ত্ৰৰ অন্ত পৰাৰ পিছত ইটালী গণৰাজ্যবাদী ৰাষ্ট্ৰত পৰিণত হয়।
- ১৯৬৭ চনৰ আজিৰ দিনটোতে ইজৰাইলে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত যুদ্ধবিৰতি মানি লৈ ছদিনীয়া আৰব যুদ্ধৰ অন্ত পেলায়। এই সময়ছোৱাত ইজৰাইলে ইহুদী, খ্ৰীষ্টান আৰু মুছলমানসকলৰ বাবে পবিত্ৰ বুলি গণ্য কৰা জেৰুজালেম সম্পূৰ্ণৰূপে দখল কৰে।
- ১৯৭১ চনৰ আজিৰ দিনটোতে আমেৰিকাই চীনৰ বিৰুদ্ধে ২১ বছৰীয়া বাণিজ্য নিষেধাজ্ঞাৰ অন্ত পেলায়।
- ১৯৮৬ চনৰ আজিৰ দিনটোত লৰ্ডছত ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰি ভাৰতে প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটত জয় লাভ কৰে।