Jobs: ওলাইছে চাকৰিঃ দৰমহা ৪০,০০০ৰ পৰা ২ লাখ টকা পৰ্যন্ত! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
Jobs: চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। Hudco ত ওলাইছে চাকৰি। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক এই পদৰ বাবে আবেদন কৰিব পাৰে। বৰ্তমান চলি আছে আবেদন প্ৰক্ৰিয়া।

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। হাউছিং এণ্ড আৰ্বান ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড (HUDCO) ত ওলাইছে চাকৰি। ইয়াৰ অধীনত ৩৭ টা লেটেৰেল পদ আৰু ৪২টা প্ৰশিক্ষাৰ্থী বিষয়া পদ পূৰণ কৰা হ’ব। গতিকে এই পদৰ বাবে যদি আপুনি যোগ্য আৰু ইচ্ছুক তেন্তে আবেদন কৰিব পাৰে। আবেদন প্ৰক্ৰিয়া ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ই ১৭ অক্টোবৰ, ২০২৫ লৈ চলিব। এই আবেদন প্ৰক্ৰিয়া অনলাইনৰ জৰিয়তে কৰিব পাৰিব।
লেটেৰেল পদৰ নিযুক্তিৰ ভিতৰত আছে উপ-মহাপ্ৰবন্ধক, সহায়ক মহাপ্ৰবন্ধক,সহকাৰী জেনেৰেল মেনেজাৰ, জ্যেষ্ঠ প্ৰবন্ধক, আৰু মেনেজাৰ আদি অন্তৰ্ভুক্ত। ইয়াৰ বিপৰীতে প্ৰশিক্ষক বিষয়া (ই-১)তো বিভিন্ন পদ আছে।
অৰ্হতা
লেটাৰেল পদৰ বাবে প্ৰাৰ্থীৰ সম্পৰ্কীয় ক্ষেত্ৰত ক’মেও ৩ ৰ পৰা ১৫ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। শৈক্ষিক যোগ্যতা পদ অনুসৰি বেলেগ বেলেগ। যাৰ ভিতৰত ইঞ্জিনিয়াৰিং, পৰিচালনা, বিত্ত আৰু আইনত স্নাতক বা স্নাতকোত্তৰ আদি অন্তৰ্ভুক্ত আছে। প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ’ব লাগিব। বয়সৰ ক্ষেত্ৰতও সময়সীমা পদ অনুসৰি বেলেগ বেলেগ। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকে ৰেহাই লাভ কৰিব।
কেনেকৈ আবেদন কৰিব
প্ৰাৰ্থীসকলে HUDCO ৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইন পঞ্জীয়ন কৰিব পাৰিব। আবেদনখনত ব্যক্তিগত আৰু পেছাদাৰী তথ্য সন্নিবিষ্ট কৰিব লাগিব। লেটাৰেল পদৰ বাবে আবেদন মাচুল ১৫০০ টকা আৰু প্ৰশিক্ষাৰ্থী বিষয়া পদৰ বাবে মাচুল ১০০০ টকা। SC/ST আৰু PwBD প্ৰাৰ্থীসকলক এই মাচুলৰ পৰা ৰেহাই দিয়া হৈছে।
নিৰ্বাচন প্ৰক্ৰিয়া কি
অভিজ্ঞতা আৰু সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি লেটাৰেল পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। প্ৰশিক্ষাৰ্থী বিষয়া পদৰ বাবে কম্পিউটাৰ ভিত্তিক পৰীক্ষা (চিবিটি) আৰু পাছত সাক্ষাৎকাৰ হ’ব। এই পৰীক্ষাত মুঠ ১৫০টা প্ৰশ্ন থাকিব। চিবিটিত দিয়া নম্বৰৰ ৮০% আৰু সাক্ষাৎকাৰত ২০% নম্বৰৰ ভিত্তিত চূড়ান্ত বাছনি কৰা হ’ব।
অধিক জানিবলৈ অফিচিয়েল ৱেবচাইট চাব পাৰে। ক্লিক কৰক- ৱেবচাইট।
দৰমহা কিমান
লেটাৰেল পদৰ বাবে স্কেলৰ ওপৰত ভিত্তি কৰি দৰমহা দিয়া হ’ব। এই দৰমহা ৫০,০০০ টকাৰ পৰা ২,২০,০০০ টকাৰ ভিতৰত হ’ব।
ইফালে প্ৰশিক্ষাৰ্থী বিষয়া (ই-১) পদৰ বাবে ৪২ টা পদ আছে। পদসমূহৰ ভিতৰত আছে প্ৰজেক্ট/ইঞ্জিনিয়াৰিং ১৫, বিত্ত ১৪, আইন ৩, মানৱ সম্পদ আৰু প্ৰশাসন ২, আই টি ২, অৰ্থনীতি ১, আৰু চৰকাৰী ভাষা ১। এই পদৰ বাবে দৰমহা ৪০,০০০ টকাৰ পৰা ১,৪০,০০০ ৰ ভিতৰত।
অন্য খবৰ পঢ়কঃ দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব, জানক…