শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Railway Job 2025: দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব, জানক…

Railway jobs: চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক ডাঙৰ খবৰ। ৰে'লৱেত ওলাইছে চাকৰি। এই পদৰ বাবে প্ৰাৰ্থী দশম উত্তীৰ্ণ হ'ব লাগিব। গতিকে যোগ্য আৰু ইচ্ছুকসকলে এই পদৰ বাবে শীঘ্ৰেই আবেদন কৰিব পাৰে।

Railway Job 2025: দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব, জানক…
ৰে'লৱেImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Published: 29 Sep 2025 14:21 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক ভাল খবৰ। ৰে’লৱেত ওলাইছে চাকৰি। আপুনি যদি দশম উত্তীৰ্ণ তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰিব। শেহতীয়াকৈ ইষ্ট চেণ্ট্ৰেল ৰেলৱে (ECR) ১১৪৯টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ বাবে আপুনি ইষ্ট চেণ্ট্ৰেল ৰেলৱেৰ অফিচিয়েল ৱেবছাইট rrcecr.gov.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব।  এই আবেদন প্ৰক্ৰিয়া ২০২৫ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ই ২৫ অক্টোবৰ, ২০২৫ লৈ চলিব।

RRC ECR ত আবেদনৰ বাবে অৰ্হতা

এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰান্ত ব’ৰ্ডৰ পৰা দশম/এছএছচি বা সমতুল্য ডিগ্ৰী প্ৰাপ্ত হ’ব লাগিব। ইয়াৰোপৰি দশমত কমেও ৫০ শতাংশ নম্বৰৰ সহায়ত উত্তীৰ্ণ হ’ব লাগিব। আবেদনকাৰীৰ বয়স ১৫ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকে বয়সৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব।

অনুসূচিত জাতি আৰু অনুসূচিত জাতি বিভাগৰ প্ৰাৰ্থীসকলে ৫ বছৰৰ, অবিচিৰ প্ৰাৰ্থীয়ে ৩  বছৰ আৰু পি ডব্লিউ ডিৰ প্ৰাৰ্থীসকলে ১০ বছৰৰ ৰেহাই লাভ কৰিব। ইয়াৰ লগতে ITI ৰ প্ৰমাণ পত্ৰ লাগিব।

মাচুল

  • জেনেৰেল, অবিচিঃ ১০০ টকা
  • অনুসূচিত জাতি, অনুসূচিত জাতি, পি ডব্লিউ ডি আৰু মহিলা প্ৰাৰ্থীঃ মাচুল নাই

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি ৰে’লৱেৰ rrcecr.gov.in ৱেবচাইটলৈ যাওক।
  • হোমপেজৰ কেৰিয়াৰ লিংকত ক্লিক কৰক।
  • আবেদনত ক্লিক কৰক।
  • Click here for New Registration ত ক্লিক কৰক।
  • ৰেজিষ্টাৰ কৰি সকলো তথ্য দাখিল কৰক।
  • আবেদন চাবমিট কৰক।
  • মাচুল আদায় দিয়ক।
  • অধিক জানিবলৈ অফিচিয়েল ৱেবচাইট চাব পাৰে।

ক্লিক কৰকঃRRC ECR Apprentice Recruitment 2025 Nortification Link

নিৰ্বাচন প্ৰক্ৰিয়া

মেৰিট অনুসৰি প্ৰাৰ্থী নিৰ্বাচন হ’ব। গতিকে আপুনি যদি এই পদৰ বাবে যোগ্য আৰু ইচ্ছুক তেন্তে আবেদন কৰিব পাৰে। অধিক জানিবলৈ ৰে’লৱেৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ ওলাইছে চাকৰিঃ খালী ৩৫০০ টা পদ, কেনেকৈ, কেতিয়া আবেদন কৰিব জানক…