আজি ২৮ জানুৱাৰীৰ দিনটোত ক’ত কি ঘটিছিল ? চাওঁ আহক দিনটোৰ ইতিহাস…
আজি ২৮ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে এই দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল ? চাওঁ আহক দিনটোৰ ইতিহাস...।
২৮ জানুৱাৰী দিনটো দুটা ডাঙৰ পৰিঘটনাৰ সাক্ষী হিচাপে ইতিহাসত লিপিবদ্ধ কৰা হৈছে। ১৯৮৬ চনৰ ২৮ জানুৱাৰীত আমেৰিকাৰ মহাকাশযান চেলেঞ্জাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। ফ্ল’ৰিডাৰ পৰা উৰণৰ ৭৩ ছেকেণ্ডৰ পিছতে বিস্ফোৰণ ঘটি জাহাজখনত থকা সাতজন মহাকাশচাৰীৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত মহাকাশলৈ মহাকাশযান চলোৱা প্ৰথমজন সাধাৰণ নাগৰিক হিচাপে নিৰ্বাচিত হোৱা এজন শিক্ষকো আছিল।
দ্বিতীয়টো বৃহৎ ঘটনা সংঘটিত হৈছিল ১৯৯৮ চনৰ ২৮ জানুৱাৰীত। TADA আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ১৯৯১ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মে’ মাহত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত আত্মঘাতী বোমা আক্ৰমণত ৰাজীৱ গান্ধীক হত্যা কৰা হৈছিল। ইয়াৰ লগতে চাওঁ আজিৰ দিনটোত ঘটনা ঘটনা পৰিঘটনা।
দিনটোৰ ইতিহাস
- ১৮১৩ চনত প্ৰখ্যাত ব্ৰিটিছ লেখিকা জেন অষ্টেনৰ ৰোমান্টিক উপন্যাস “প্ৰাইড এণ্ড প্ৰিজুডিচ” প্ৰথম প্ৰকাশ হয়। ইংৰাজী সাহিত্যৰ অন্যতম প্ৰখ্যাত ৰচনা বুলি গণ্য কৰা হয়।
- ১৮৩৫ চনত কলিকতা চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা হয়।
- ১৮৬৫ চনত ভাৰতীয় স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ জন্ম হয়।
- ১৮৯৮ চনত ভগ্নী নিবেদিতা ভাৰতত উপস্থিত হয়।
- ১৯০০ চনত জেনেৰেল কে.এম. কাৰিয়াপ্পাৰ জন্ম হৈছিল, দেশৰ প্ৰথম গৱৰ্ণৰ হৈছিল।
- ১৯৩৩ চনত চৌধুৰী ৰহমত আলী খানে মুছলিম লীগে দাবী কৰা পৃথক ৰাষ্ট্ৰৰ বাবে পাকিস্তান নাম দিয়াৰ পৰামৰ্শ দিয়ে।
- ১৯৬১ চনত বাংগালুৰুত ঘড়ী নিৰ্মাতা কোম্পানী এইচ এম টিৰ প্ৰথমটো কাৰখানাৰ আধাৰশিলা স্থাপন কৰা হয়।
- ১৯৮৬ চনত আমেৰিকাৰ মহাকাশযান চেলেঞ্জাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ সাতজন মহাকাশচাৰীৰ মৃত্যু হয়।
- ১৯৯৮ চনত TADA আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক হত্যাৰ ষড়যন্ত্ৰত জড়িত ২৬ জন অভিযুক্তক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।
- ১৯৯৯ চনত ভাৰতত প্ৰথমবাৰৰ বাবে সংৰক্ষিত ভ্ৰূণৰ পৰা এটা ভেড়া পোৱালি জন্ম হয়।
- ২০০০ চনত ভাৰতে ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি খিতাপ দখল কৰে।
- ২০০২ চনত পাকিস্তানৰ এটা সন্ত্ৰাসবাদী সংগঠনে আমেৰিকাৰ সাংবাদিক ডেনিয়েল পাৰ্লক অপহৰণ কৰে।
- ২০১০ চনত বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মুজিবুৰ ৰহমানৰ পাঁচজন হত্যাকাৰীক ফাঁচী দিয়া হয়।