শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি ২৭ জানুৱাৰীৰ দিনটোত ক’ত কি ঘটিছিল ? চাওক দিনটোৰ ইতিহাস

আজি ২৭ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে এই দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । ক'ত কি ঘটিছিল ? চাওক দিনটোৰ ইতিহাস।

আজি ২৭ জানুৱাৰীৰ দিনটোত ক’ত কি ঘটিছিল ? চাওক দিনটোৰ ইতিহাস
Manas Borah
Manas Borah | Published: 27 Jan 2026 07:00 AM

২০০৮ চনত বাৰ্ড ফ্লুৱে পশ্চিম বংগৰ হাঁহ-কুকুৰা পালকসকলৰ যথেষ্ট ক্ষতিসাধন কৰিছিল। ৰাজ্যৰ ১৩খন জিলাত বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱৰ ফলত বৃহৎ সংখ্যক হাঁহ-কুকুৰা মৃত্যুৰ মুখত পৰে। ২০০৮ চনৰ ১৬ জানুৱাৰীত বীৰভূম জিলাত এই ৰোগৰ উৎপত্তি হৈছিল আৰু কম সময়তে এই ৰোগে প্ৰায় আধা ৰাজ্যত বিয়পি পৰিছিল। ২৭ জানুৱাৰীত ১৩খন জিলাত এই ৰোগৰ সংক্ৰমণৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।

আজিৰ দিনটোতে অসমীয়া বুৰঞ্জীবিদ, শিক্ষাবিদ, সমাজ সংগঠক,গল্পকাৰ, প্ৰবন্ধকাৰ, কবি আৰু অধ্যাপক সূৰ্যকুমাৰ ভূঞাৰ জন্ম। তেখেত ১৯৫৩ চনত অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনৰ সভাপতি আছিল। তেওঁ আগবঢ়াই যোৱা অৱদানৰ বাবে ১৯৫৬ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছিল। তদুপৰি তেওঁ ১৯৫২-৫৩ চনত ৰাজ্যসভালৈ মনোনীত হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  1. ১৯৪৪ চনত ছোভিয়েট সেনাই চেণ্ট পিটাৰ্ছবাৰ্গৰ পৰা জাৰ্মান আৰু ফিনলেণ্ডৰ বাহিনীক বহিষ্কাৰ কৰে।
  2. ১৯৫৯ চনত নতুন দিল্লীত প্ৰথম অভিযান্ত্ৰিক আৰু প্ৰযুক্তি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়।
  3. ১৯৬৪ চনত ফ্ৰান্সে কমিউনিষ্ট চীনক স্বীকৃতি দিয়ে আৰু ইয়াৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিবলৈ সন্মত হয়।
  4. ১৯৬৭ চনত আমেৰিকাৰ ফ্ল’ৰিডাৰ কেপ কেনেডীত হঠাতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত এপ’ল’ ১ মহাকাশযানত উৎক্ষেপণৰ বাবে সাজু হৈ থকা তিনিজন মহাকাশচাৰীৰ মৃত্যু হয়।
  5. ১৯৬৭ চনত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নকে ধৰি ৬০খন দেশৰ প্ৰতিনিধিয়ে মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ প্ৰতিশ্ৰুতি দি মহাকাশত গণধ্বংসী অস্ত্ৰ নিষিদ্ধ কৰাৰ সমৰ্থনত ৰাষ্ট্ৰসংঘৰ সন্ধি স্বাক্ষৰ কৰে।
  6. ১৯৬৯ চনত ইৰাকে চোৰাংচোৱাগিৰিৰ অভিযোগত অভিযুক্ত ১৪ জন লোকক ৰাজহুৱাভাৱে ফাঁচী দিছিল, ইয়াৰে ৯ জন ইহুদী আছিল।
  7. ১৯৯৬ চনত ফ্ৰান্সে ষষ্ঠ আৰু আটাইতকৈ শক্তিশালী পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে। এই বোমাটোৰ শক্তি ইমান আছিল যে, দুবছৰৰ পাছত আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই নিশ্চিত কৰিলে যে, বিস্ফোৰণৰ বিষাক্ত প্ৰভাৱ দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰীক্ষা স্থানত শতিকাজুৰি থাকিব।
  8. ২০০৮ চনত পশ্চিম বংগৰ ১৩খন জিলাত বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱ। বৃহৎ সংখ্যক হাঁহ-কুকুৰা মৃত্যুৰ মুখত পৰে।
  9. ১৮৯২ চনত অসমীয়া বুৰঞ্জীবিদ, শিক্ষাবিদ, সমাজ সংগঠক,গল্পকাৰ, প্ৰবন্ধকাৰ, কবি আৰু অধ্যাপক সূৰ্যকুমাৰ ভূঞাৰ জন্ম।
  10. ১৯৫৫ চনত অসমীয়া লেখক, শিক্ষাবিদ আৰু অভিনেতা জ্ঞানদাভিৰাম বৰুৱাৰ মৃত্যু।
  11. ১৯৮৩ চনতঅসমীয়া সাহিত্যিক, বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু।