শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জন গণ মনক ভাৰতৰ জাতীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিল, চাওঁ আহক দিনটোৰ ইতিহাস

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ ২৪ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল ? দিনটোৰ আৰম্ভণিতে চাওঁ আহক এই দিনটোত ঘটা ঘটনা পৰিঘটনা।

জন গণ মনক ভাৰতৰ জাতীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিল, চাওঁ আহক দিনটোৰ ইতিহাস
Manas Borah
Manas Borah | Published: 24 Jan 2026 07:00 AM

১৯৫০ চনৰ ২৪ জানুৱাৰীত নোবেল বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত “জন গণ মন” ভাৰতৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়। মূলতঃ ১৯১১ চনত বাংলা ভাষাত লিখা এই ছবিখনে স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতীয়সকলৰ মাজত দেশপ্ৰেম জগাই তুলিছিল। ইয়াৰ হিন্দী সংস্কৰণ ভাৰতৰ জাতীয় সংগীত হিচাপে সংবিধান সভাই গ্ৰহণ কৰে। ২০১১ চনৰ ২৪ জানুৱাৰীত ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ অন্যতম শক্তিশালী আৰু সুৰীয়া কণ্ঠ ভাৰতৰত্ন পণ্ডিত ভীমসেন যোশীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল।

১৮৫৭ চনত দক্ষিণ এছিয়াৰ প্ৰথমখন আধুনিক শিক্ষাৰ বিশ্ববিদ্যালয় “কলিকতা বিশ্ববিদ্যালয়” আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। ইয়াৰ লগতে বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ ২৪ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক’ত কি ঘটিছিল ? দিনটোৰ আৰম্ভণিতে চাওঁ আহক এই দিনটোত ঘটা ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস

  1. ১৫৫৬ চনত চীনৰ ছানচি প্ৰদেশত হোৱা ভূমিকম্পত আঠ লাখতকৈ অধিক লোকৰ মৃত্যু হয়।
  2. ১৮২৬ চনত প্ৰথম ভাৰতীয় বেৰিষ্টাৰ জ্ঞানেন্দ্ৰ মোহন ঠাকুৰৰ জন্ম।
  3. ১৮৫৭ চনত কলিকতা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়।
  4. ১৯৩৭ চনত বুলগেৰিয়া আৰু যুগোস্লাভিয়াই বন্ধুত্ব চুক্তি স্বাক্ষৰ কৰি দীৰ্ঘদিনীয়া শত্ৰুতাৰ অন্ত পেলায়।
  5. ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতৰ জাতীয় সংগীত হিচাপে গ্রহণ কৰা হয় “জন গণ মন”। ৰাজেন্দ্ৰ প্ৰসাদ ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
  6. ১৯৫১ চনত প্ৰেম মাথুৰে বাণিজ্যিক অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমগৰাকী মহিলা পাইলট হিচাপে পৰিগণিত হয়।
  7. ১৯৫২ চনত বোম্বাই (বৰ্তমানৰ মুম্বাই)ত প্ৰথম আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হয়।
  8. ১৯৫৭ চনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কাশ্মীৰৰ ভৱিষ্যত নিৰ্ধাৰণৰ বাবে গণভোটৰ আহ্বান পুনৰবাৰ প্ৰকাশ কৰে।
  9. ১৯৬৫ চনত লণ্ডনৰ নিজৰ ঘৰত ৯০ বছৰ বয়সত ছাৰ উইনষ্টন চাৰ্চিলৰ মৃত্যু হয়।
  10. ২০১১ চনত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি গায়ক তথা সুৰকাৰ পণ্ডিত ভীমসেন যোশীৰ মৃত্যু।