শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…

আজি ২২ জানুৱাৰী। ১৬৬৬ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট শ্বাহজাহানৰ মৃত্যু হয়। ১৯০১ চনৰ আজিৰ দিনটোতে ৰাণী ভিক্টোৰিয়াৰো মৃত্যু হয়। চাওক দিনটোৰ ইতিহাস।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…
Manas Borah
Manas Borah | Published: 22 Jan 2026 10:11 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২২ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৬৬৬ চনৰ আজিৰ দিনটোতে বিশ্বক প্ৰেমৰ এক মহান উপহাৰ তাজমহল প্ৰদান কৰা মোগল সম্ৰাট শ্বাহজাহানৰ মৃত্যু হয়। ১৯০১ চনৰ আজিৰ দিনটোতে ৰাণী ভিক্টোৰিয়াৰো মৃত্যু হয়।১৮৩৭ চনত গ্ৰেট ব্রিটেইন আৰু আয়াৰলেণ্ডৰ ৰাণী হিচাপে ৰাণী ভিক্টোৰিয়াই সিংহাসনত আৰোহণ কৰি মৃত্যুৰ আগলৈকে ৰাজত্ব কৰে।

তদুপৰি ১৯৯৯ চনৰ ২২ জানুৱাৰীত ওড়িশাৰ কেওনঝাৰত অষ্ট্ৰেলিয়াৰ মিছনেৰী গ্ৰেহাম ষ্টেইনছ আৰু তেওঁৰ দুই পুত্ৰ অগ্নিদগ্ধ হয়। এই ঘটনাৰ প্ৰতিক্ৰিয়া বিশ্বজুৰি সৃষ্টি হৈছিল। মনোহৰপুৰ গাঁৱত ষ্টেইনছ আৰু তেওঁৰ দুই পুত্ৰৰ ওপৰত পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰে একাংশ লোকে।

ষ্টেইনছে তাত প্ৰায় ৩০ বছৰ ধৰি কুষ্ঠ ৰোগীৰ সৈতে কাম কৰি আহিছিল যদিও তেওঁৰ বিৰুদ্ধে সেই অঞ্চলত ধৰ্মান্তৰকৰণৰ প্ৰচাৰৰ অভিযোগো উত্থাপন হৈছিল। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  1. ১৯৭৩ চনত নাইজেৰিয়াত জৰ্ডান এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰায় ২০০ জন লোকৰ মৃত্যু হয়।
  2. ১৯৭৩ চনত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে গৰ্ভপাতক বৈধতা প্ৰদান কৰে। গৰ্ভপাতক অপৰাধমুক্ত কৰি আদালতে ইয়াক মহিলাৰ গোপনীয়তাৰ সাংবিধানিক অধিকাৰ বুলি ঘোষণা কৰে।
  3. ১৯৮০ চনত ছোভিয়েট ইউনিয়নে চৰকাৰ বিৰোধী পাৰমাণৱিক বিজ্ঞানী আন্দ্ৰেই ছাখাৰভক আটক কৰে। আমেৰিকাৰ এটা টেলিভিছন চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শান্তিৰ নোবেল বঁটা বিজয়ী ছাখাৰভে আফগানিস্তানৰ পৰা ছোভিয়েট সৈন্য প্ৰত্যাহাৰৰ দাবী জনায়।
  4. ১৯৯৬ চনত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ বিজ্ঞানীসকলে পৃথিৱীৰ পৰা প্ৰায় ৩ লাখ ৫০ হাজাৰ আলোকবৰ্ষ দূৰত্বত দুটা নতুন গ্ৰহ আৱিষ্কাৰ কৰে।
  5. ১৯৯৯ চনত অষ্ট্ৰেলিয়াৰ মিছনেৰী গ্ৰেহাম ষ্টেইনছ আৰু তেওঁৰ দুজন পুত্ৰক জীৱন্তে জ্বলাই দিয়ে একাংশ লোকে।
  6. ২০০১ চনত পাকিস্তানে দেশৰ সকলো তালিবানৰ কাৰ্যালয় বন্ধ কৰি সন্ত্ৰাসবাদী নেতা ওছামা বিন লাডেনৰ সম্পত্তি নিশ্চিহ্ন কৰে।
  7. ২০০৯ চনত স্লামডগ মিলিয়নাৰ ছবিখনে অস্কাৰৰ বাবে মনোনীত হয়।