আজিৰ দিনটোতে মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য প্ৰতিষ্ঠা হৈছিল, চাওক দিনটোৰ ইতিহাস
আজি ২১ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে এই দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোত ক'ত কি ঘটিছিল ? চাওক ইতিহাস।
২১ জানুৱাৰীৰ তাৰিখটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ভাৰতৰ ফেডাৰেল ইতিহাসতো এই দিনটো তাৎপৰ্যপূৰ্ণ। আজিৰ দিনটোতে মণিপুৰ, মেঘালয়, আৰু ত্ৰিপুৰা ৰাজ্য গঠন হয়। উত্তৰ-পূবৰ মণিপুৰ, মেঘালয়, ত্ৰিপুৰা ৰাজ্য পৃথক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে । ১৯৭১ চনৰ উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন অনুসৰি ১৯৭২ চনৰ ২১ জানুৱাৰীত মণিপুৰ, মেঘালয়, আৰু ত্ৰিপুৰাক ৰাজ্যৰ অধিকাৰ প্ৰদান কৰা হয়। ইয়াৰ লগতে আজিৰ দিনটো অন্যান্য ঘটনা পৰিঘটনা চাওঁ আহক।
দিনটোৰ ইতিহাস
- ১৯২৪ চনত লেবাৰ পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে ব্ৰিটেইনত চৰকাৰ গঠন কৰে। দলৰ নেতা ৰামছে মেকড’নাল্ড দেশৰ প্ৰধানমন্ত্ৰী হৈছিল।
- ১৯২৪ চনত বলছেভিক বিপ্লৱৰ নেতা তথা ১৯১৭ চনৰ পৰা ১৯২৪ চনৰ ভিতৰত ছোভিয়েট ইউনিয়নৰ প্ৰথম মুৰব্বী ভ্লাদিমিৰ লেনিনৰ মৃত্যু হয়।
- ১৯৪৫ চনত জাপানৰ টকিঅ’ত মহান বিপ্লৱী ৰাস বিহাৰী বসুৰ মৃত্যু হয়।
- ১৯৫০ চনত যক্ষ্মা ৰোগৰ সৈতে তিনি বছৰীয়া যুদ্ধৰ অন্তত প্ৰখ্যাত ইংৰাজী সাহিত্যিক জৰ্জ অৰৱেলৰ মৃত্যু হয়।
- ১৯৫৮ চনত কপিৰাইট আইন কাৰ্যকৰী হয়।
- ১৯৬১ চনত ৰাণী এলিজাবেথ আৰু এডিনবাৰ্গৰ ড্যুক নতুন দিল্লীত উপস্থিত হয়।
- ১৯৬৩ চনত হিন্দী ঔপন্যাসিক, চুটিগল্প লেখক, সম্পাদক, সাংবাদিক শিৱপূজন সহায়ৰ মৃত্যু হয়।
- ১৯৭২ চনত মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য প্ৰতিষ্ঠা হয়।
- ১৯৭৬ চনত ফ্ৰান্স আৰু ব্ৰিটেইনৰ আৰ্থিক সাহায্যত নিৰ্মিত ছুপাৰছনিক বাণিজ্যিক বিমান কনকৰ্ডে নিয়মীয়া সেৱা আৰম্ভ কৰে। ইয়াৰ ফলত তীব্ৰবেগী বিমান নিৰ্মাণৰ বিশ্বব্যাপী দৌৰৰ সূচনা হয়।
- ১৯৮৩ চনত প্ৰথম ভাৰতীয় এডমিৰেল আৰ ডি কাটাৰীৰ মৃত্যু হয়।
- ১৯৯৬ চনত স্বায়ত্তশাসিত পেলেষ্টাইনত অনুষ্ঠিত হোৱা প্ৰথমটো ঐতিহাসিক সাধাৰণ নিৰ্বাচনত পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেশ্যনৰ নেতা ইয়াছেৰ আৰাফাত ৮৫ শতাংশ ভোট লাভ কৰি নিৰ্বাচিত হয়।
- ১৯৯৬ চনত ইণ্ডোনেছিয়াৰ সুমাট্ৰাৰ উপকূলত এখন যাত্ৰীবাহী নাও ডুব যোৱাৰ ফলত প্ৰায় ৩৪০ জন লোকৰ মৃত্যু হয়।