শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি ১০ জানুৱাৰীৰ দিনটোত ক’ত কি ঘটিছিল ? চাওঁ আহক দিনটোৰ ইতিহাস

আজি ১০ জানুৱাৰী।আজিৰ দিনটোতে যোগাযোগ ব্যৱস্থাৰ নতুন অধ্যায়ৰ আৰম্ভণি। কিয়নো এই দিনটোতে লণ্ডন মহানগৰীত বিশ্বৰ প্ৰথম পাতাল ৰেল সেৱাৰ আৰম্ভণি হয়। ইয়াৰ লগতে চাওক দিনটোৰ ইতিহাস।

আজি ১০ জানুৱাৰীৰ দিনটোত ক’ত কি ঘটিছিল ? চাওঁ আহক দিনটোৰ ইতিহাস
Manas Borah
Manas Borah | Published: 10 Jan 2026 10:18 AM

বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজি ১০ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে যোগাযোগ ব্যৱস্থাৰ নতুন অধ্যায়ৰ আৰম্ভণি। কিয়নো এই দিনটোতে লণ্ডন মহানগৰীত বিশ্বৰ প্ৰথম পাতাল ৰেল সেৱাৰ আৰম্ভণি হয়। আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ প্ৰথম সাধাৰণ অধিৱেশনৰ আৰম্ভ হৈছিল। ৰঙিয়া তহচিলৰ কৃষকসকলে ব্ৰিটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে ৰঙিয়া ৰাইজমেল আজিৰ দিনটোতে অনুষ্ঠিত কৰিছিল। ইয়াৰ লগতে চাওঁ আহক অন্যান্য ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস

  1. ১৮৬৩ চনত লণ্ডন মহানগৰীত বিশ্বৰ প্ৰথম পাতাল ৰেল সেৱাৰ আৰম্ভণি।
  2. ১৮৯৪ চনত ৰঙিয়া তহচিলৰ কৃষকসকলে ব্ৰিটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে ৰঙিয়া ৰাইজমেল অনুষ্ঠিত হৈছিল।
  3. ১৯৪৬ চনত ৰাষ্ট্ৰসংঘৰ প্ৰথম সাধাৰণ অধিৱেশনৰ আৰম্ভ হৈছিল।
  4. ২০০৮ চনত দিল্লীৰ অটো এক্সপ’ত বিশ্বৰ ভিতৰত সবাতোতকৈ সূলভ মূল্যৰ গাড়ী টাটা কোম্পানীৰ এক লাখ টকীয়া টাটা নেন’ গাড়ীৰ প্ৰথম প্ৰদৰ্শন।
  5. ১৮৮৩ চনত ৰুছ লেখক এলেক্সেই নিকলাইয়েভিচ টলষ্টয়ৰ জন্ম।
  6. ১৯১৪ চনত ভাৰতীয় কণ্ঠশিল্পী তথা অভিনেত্ৰী বেগম আখটাৰৰ জন্ম।
  7. ইডেনৰ উদ্ভিদবিজ্ঞানী, চিকিৎসক আৰু প্ৰাণীবিজ্ঞানী কাৰ্ল লিনিয়াছৰ ১৭৭৮ চনৰ আজিৰ দিনটোতে মৃত্যু হয়।
  8. ১৯৭৮ চনত ভাৰতীয় গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ মৃত্যু।
  9. ২০১০ চনত ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক শৈলধৰ বৰুৱাৰ মৃত্যু।
  10. ১৯৮২ চনত ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী সুধীন দাশগুপ্তৰ মৃত্যু।