বেংকত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…
আপুনিও বেংকত চাকৰি কৰিব বিচাৰে নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো ইণ্ডিয়ান বেংকত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছুকসকলে কৰিব পাৰিব আবেদন।

বেংকত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো ইণ্ডিয়ান বেংকত ওলাইছে চাকৰি। ইণ্ডিয়ান বেংকে এপ্ৰেণ্টিছ পদৰ বাবে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। আপুনিও যদি আবেদন কৰিব বিচাৰিছে তেন্তে বেংকটোৰ অফিচিয়েল ৱেবছাইট indianbank.in ৰ জৰিয়তে আবেদন কৰিব পাৰিব। ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা এই আবেদন প্ৰক্ৰিয়া ৭ আগষ্টলৈ চলিব।গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰিব আবেদন। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ইণ্ডিয়ান বেংকত মুঠ ১৫০০ এপ্ৰেণ্টিছ পদ পূৰণ কৰা হ’ব।
শিক্ষাগত অৰ্হতা
এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰী বা কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো সমতুল্য অৰ্হতা থাকিব লাগিব। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰাৰ্থীসকলে ২০২১ চনৰ ১ এপ্ৰিল বা তাৰ পিছত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব আৰু উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ থাকিব লাগিব।
বয়স
প্ৰাৰ্থীৰ বয়স ২০ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে চৰকাৰী নিয়ম অনুসৰি অনুসূচিত জাতি/অনুসূচিত জাতি/অবিচি/পিডব্লিউডি আদি শ্ৰেণীৰ বাবে উচ্চ বয়সৰ সীমাত শিথিলতা দিয়া হ’ব।
মাচুল
- সাধাৰণ/অবিচি/ইডব্লিউএছ প্ৰাৰ্থীঃ ৮০০টকা।
- এছচি/এছটি/পিডব্লিউবিডি প্ৰাৰ্থীঃ ১৭৫ টকা।
- আৱেদন মাচুল ডেবিট বা ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব।
বাছনি প্ৰক্ৰিয়া
এই পদসমূহৰ বাছনি প্ৰক্ৰিয়া অনলাইন পৰীক্ষা আৰু স্থানীয় ভাষাৰ দক্ষতা পৰীক্ষাৰে কৰা হ’ব। অনলাইন পৰীক্ষাত পাঁচটা অংশ/খণ্ড থাকিব, য’ত যুক্তিৰ ক্ষমতা, কম্পিউটাৰৰ জ্ঞান, ইংৰাজী ভাষা, পৰিমাণগত যোগ্যতা আৰু বেংকিঙৰ সৈতে জড়িত সাধাৰণ সজাগতা আদি অন্তৰ্ভুক্ত কৰা হ’ব। পৰীক্ষাত মুঠ ১০০টা প্ৰশ্ন থাকিব, যাৰ বাবে সৰ্বাধিক ১০০ নম্বৰ থাকিব। এই পৰীক্ষাত ঋণাত্মক নম্বৰো থাকিব অৰ্থাৎ প্ৰতিটো ভুল উত্তৰৰ বাবে নিৰ্ধাৰিত নম্বৰৰ ১/৪ ভাগ কৰ্তন কৰা হ’ব। ইয়াৰোপৰি প্ৰাৰ্থীসকলে স্থানীয় ভাষা ক’ব আৰু লিখিব পৰা হ’ব লাগিব।
অফিচিয়েল অধিসূচনাঃ ক্লিক কৰক
আবেদন কৰকঃ ক্লিক কৰক
অন্য খবৰ পঢ়কঃ পুনৰ ওলাইছে চৰকাৰী চাকৰি! ক’ত, কেনেকৈ আবেদন কৰিব জানক…