পুনৰ ওলাইছে চৰকাৰী চাকৰি! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক ভাল খবৰ। SSC য়ে জাৰি কৰিছে অধিসূচনা। ইয়াৰ মতে, SCC য়ে এমটিএছ (MTS) আৰু হাভালদাৰ ( Havaldar) খালী পদ পূৰ কৰিব। গতিকে যোগ্যসকলে কৰিব পাৰিব আবেদন।

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। Staff Selection Commission ত ওলাইছে চাকৰি। SSC য়ে এমটিএছ (MTS) আৰু হাভালদাৰ ( Havaldar) খালী পদ পূৰ কৰাৰ বাবে ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে ২৪ জুলাই, ২০২৫ৰ পূৰ্বে আবেদন কৰিব পাৰে। ইয়াৰ বাবে মাল্টি টাস্কিং (নন-টেকনিকেল) ষ্টাফ, আৰু হাভালদাৰ (CBIC & CBN) পৰীক্ষা অনুষ্ঠিত হ’ব।
পৰীক্ষাৰ নামঃ Multi-Tasking (Non-Technical) Staff, and Havaldar (CBIC & CBN) Examination, 2025. জানিব পৰা মতে, এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ১০০০ ৰো অধিক পদ পূৰণ কৰা হ’ব।
যোগ্যতা
- প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ’ব লাগিব।
- বয়স ১৮ ৰ পৰা ২৫ বছৰৰ ভিতৰত হব লাগিব। (MTS পদৰ বাবে)।
- বয়স ১৮ ৰ পৰা ২৭ বছৰ হব লাগিব। (Havaldar পদৰ বাবে)।
- অনুসূচিত জাতি-জনগোষ্ঠীৰ লোকে বয়সৰ ৫বছৰৰ বিশেষ ৰেহাই পাব।
- PwBD(0bc)– ১৩ বছৰ ৰেহাই।
- PwBD (SC/ ST)ঃ ১৫ বছৰ ৰেহাই।
- অবিচিঃ ৩ বছৰ ৰেহাই।
- প্ৰাক্তন কৰ্মীঃ ৩ বছৰ ৰেহাই।
শিক্ষাগত অৰ্হতাঃ পৰীক্ষাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা মেট্ৰিক পৰীক্ষা বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
দৰমহাঃ১৮০০০- ৫৬৯০০/- (৭ম চিপিচি পে মেট্ৰিক্স অনুসৰি স্তৰ ১
মাচুল
- UR/ OBC: ১০০ টকা।
- SC/ ST PWD/ ESM/ Women: কোনো মাচুল নালাগে।
- অনলাইন পেমেন্ট কৰিব পাৰিব।
পৰীক্ষাৰ চেন্টাৰ
ইটানগৰ (৫০০১), ডিব্ৰুগড় (৫১০২), গুৱাহাটী (দিছপুৰ) (৫১০৫), যোৰহাট (৫১০৭), শিলচৰ (৫৫১১), ইম্ফল (৫৫০১), চুৰাচান্দপুৰ (৫৫০২), উখৰুল (৫৫০৩), শিলচৰ (৫৪০১), আইজল (৫৭০১), ডিমাপুৰ (৫৩০১), কোহিমা (৫৩০২), আগৰতলা (৫৬০১), তেজপুৰ (৫১১২)
কেনেকৈ আবেদন কৰিব
- প্ৰথমে আপুনি SSC Recruitment Portal ত যাওক।
- Important Web-Links ত যাওক।
- Online Registration ত ক্লিক কৰক আৰু প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।
- Online Application Form ত ক্লিক কৰি লগ ইন কৰক।
- নিজৰ ব্যক্তিগত তথ্য দি আপলোড কৰক।
- পেমেন্ট কৰক।
- চাবমিট কৰক।
ৰেজিষ্টাৰ লিংকঃ ক্লিক কৰক
অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক
অন্য খবৰ পঢ়কঃ ভাল খবৰ! ICF ত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…