শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওঁক

আজি ১৫ আগষ্ট। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওঁক
দিনটোৰ ইতিহাস...
manas-borah
Manas Borah | Updated On: 15 Aug 2025 09:13 AM

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। যুগ যুগ ধৰি সংগ্ৰাম আৰু অগণন লোকৰ ত্যাগৰ অন্তত ভাৰতে ১৯৪৭ চনত ব্ৰিটিছ ৰাজৰ দাসত্বৰ পৰা মুক্তি লাভ কৰে। ইয়াৰ লগতে আজি ১৫ আগষ্টৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। আজিৰ দিনটোতে দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে প্ৰথমবাৰৰ বাবে ত্ৰিৰংগা উত্তোলন কৰে। কিন্তু দেশ বিভাজনৰ বাবে মহাত্মা গান্ধীয়ে এই দিনটোত অনশন আছিল।

অসমৰ বাবেও আজিৰ দিনটো বিশেষ। কাৰণ স্বাধীনতা দিৱসৰ সমান্তৰালভাৱে ১৯৮৫ চনৰ আজিৰ দিনটোতে (১৪ আগষ্টৰ মাজনিশা) ৬ বছৰীয়া আন্দোলনৰ অন্তত স্বাক্ষৰিত হয় অসম চুক্তি ।

১৯৪৫ চনৰ ১৫ আগষ্টত জাপানে নিঃচৰ্তভাৱে মিত্ৰশক্তিৰ হাতত আত্মসমৰ্পণ কৰি দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পেলায়। জাপানৰ সম্ৰাট হিৰোহিটোৱে ৰেডিঅ’ সম্প্ৰচাৰৰ জৰিয়তে এই ঘোষণা কৰে।

১৯৪৮ চনৰ ১৫ আগষ্টত কোৰিয়া উপদ্বীপৰ দক্ষিণ অংশত দক্ষিণ কোৰিয়া এখন স্বাধীন ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা হয়। এই দিনটো মুক্তি দিৱস হিচাপে পালন কৰা হয়।

১৯১৪ চনৰ ১৫ আগষ্টত পানামা খাল আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই খালটোৱে আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰে। ই বিশ্ব বাণিজ্য আৰু সাগৰীয় যাত্ৰাৰ বাবে এক নতুন অগ্ৰগতি প্ৰদান কৰে।

১৯৭২ চনৰ ১৫ আগষ্টত ভাৰতৰ ডাক বিভাগে পিন কোড (Postal Index Number) ব্যৱস্থা প্ৰৱৰ্তন কৰে। এই ব্যৱস্থাই দেশত ডাক যোগান অধিক কাৰ্যক্ষম আৰু পদ্ধতিগত কৰি তুলিছিল।

১৯৭১ চনৰ ১৫ আগষ্টত বাহৰেইনে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা ঘোষণা কৰে। এই দিনটো বাহৰেইনৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

২০২১ চনৰ ১৫ আগষ্টত তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰে। এই অনুষ্ঠানৰ ফলত ২০ বছৰৰ পাছত আফগানিস্তানত আমেৰিকাৰ সামৰিক উপস্থিতিৰ অন্ত পৰিল।