শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Independence day 2025 Speech: শিশুৰ পৰা জ্যেষ্ঠজনলৈ, সকলোৰে বাবে স্বাধীনতা দিৱসৰ চমু ভাষণ…

Independence day speech for all: ১৫ আগষ্ট সমগ্ৰ দেশে পালন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

Independence day 2025 Speech: শিশুৰ পৰা জ্যেষ্ঠজনলৈ, সকলোৰে বাবে স্বাধীনতা দিৱসৰ চমু ভাষণ…
স্বাধীনতা দিৱসৰ ভাষণImage Credit source: GettyImages/ AI
barasha-sarma
Barasha Sarma | Updated On: 11 Aug 2025 20:26 PM

১৫ আগষ্টত সমগ্ৰ দেশে পালন কৰিব স্বাধীনতা দিৱস। এই দিনটোতেই ১৯৪৭ চনত ভাৰত স্বাধীন হৈছিল, আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে এই দিনটোত স্বাধীনতা দিৱস পালন কৰি অহা হৈছে। এই দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতি বিশেষ। কিয়নো এই দিনটোৱে সোঁৱৰাই দিয়ে ব্ৰিটিছৰ অকথ্য নিৰ্যাতন, বছৰ বছৰ ধৰি পৰাধীন হৈ থকাৰ অন্তত লাখ লাখ শ্বহীদৰ তেজেৰে লাভ কৰা স্বাধীনতাৰ কথা। ব্ৰিটিছে প্ৰায় ২০০ বছৰ ধৰি ভাৰতবৰ্ষক বান্ধি ৰখা শিকলি ডাল খুলি পেলোৱা ইমান সহজ নাছিল। তাৰ আঁৰত আছে ৰক্তাক্ত আৰু একাংশ বীৰৰ ইতিহাস।

এই দিনটোত ৰাজধানী দিল্লীৰ লালকিল্লাত দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰা হয়। বিদ্যালয়ৰ পৰা আৰম্ভ কৰি কাৰ্যালয়লৈ সকলোতে স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। য’ত বহুতে ভাষণ দিয়ে। গতিকে একাংশৰ সহায় হোৱাকৈ তলত ভাষণৰ চমু আভাস উল্লেখ কৰা হ’ল-

শিশুৰ পৰা জ্যেষ্ঠজনলৈ দিব পৰা ভাষণ

নমস্কাৰ, আজিৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত থকা মোৰ জ্যেষ্ঠজন, মোৰ সহকৰ্মী তথা সতীৰ্থসকল। (শিশু হ’লে বন্ধু-বান্ধৱী বুলি ক’ব পাৰে) আজি ১৫ আগষ্ট, সমূহ দেশবাসীৰ বাবে এক বিশেষ দিন। কিয়নো এই দিনটোতেই ১৯৪৭ চনত ভাৰতে ব্ৰিটিছৰ শিকলি চিঙি বিশ্বৰ বুকুত নিজৰ পৰিচয় দিছিল। সেই দিন ধৰি প্ৰতিবছৰে দেশবাসীয়ে ১৫ আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছে।

এইবাৰ আমাৰ দেশে ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিছে। অৱশ্যে দিৱস পালনৰ লগতে আমি এই দিনটোৰ গুৰুত্বও বুজি পাব লাগিব। কিয়নো ভাৰতৰ স্বাধীনতা সহজ নাছিল। ইয়াৰ আঁৰত আছে লাখ লাখ শ্বহীদৰ তেজ আৰু ভাৰতীয়ৰ শক্তিৰ কাহিনী।

প্ৰায় ২০০ বছৰ ধৰি ভাৰতত ব্ৰিটিছে শাসন কৰিছিল। সেই সময়ত প্ৰতিগৰাকী ভাৰতীয়ৰ অৱস্থা অতি বেয়া আছিল। ব্ৰিটিছৰ শাসন মানেই যেন আছিল অত্যাচাৰ, হত্যা-লুণ্ঠন আদি। সেই সময়ত কোনো এগৰাকী ভাৰতীয়ই সম্ভৱত শান্তিত শুব পৰা নাছিল। ১৭ শতিকাৰ আৰম্ভণিতে ভাৰতত ইংৰাজে উপনিবেশ স্থাপন কৰিছিল। কিন্তু ইংৰাজৰ অত্যাচাৰত লাহে লাহে জনতা অতিষ্ঠ হৈ পৰিছিল।

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত দেশত শাসন প্ৰতিষ্ঠা কৰাৰ বাবে ইংৰাজৰ বাবে প্ৰত্যক্ষ বাট মুকলি হৈছিল। সেই সময়তে অৱশ্যে ভাৰতত ইংৰাজ বিৰোধী আন্দোলন গঢ় লৈ উঠিছিল। ১৮৮৫ চনত যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল তেতিয়া স্বাধীনতা লাভ আশা দুগুণ হৈ পৰিছিল আৰু এই আশা আন্দোলনলৈ ৰূপান্তৰিত হৈছিল।

অৱশ্যে ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত আন্দোলনে গতি লাভ কৰিছিল। সেই সময়ত অসহযোগ আন্দোলন,১৯৩০ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল হাজাৰ হাজাৰ সেনানী। অৱশেষত বহু কষ্ট, শ্বহীদৰ বলিদানৰ বিনিময়ত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হৈছিল।

স্বাধীনতা লাভৰ সময়ত ভাৰতৰ পৰা ফালৰি কাটি গঠন হৈছিল অন্য এখন ৰাষ্ট্ৰ পাকিস্তান। সেই সময়ত হিন্দুসকলৰ ওপৰত যথেষ্ঠ অত্যাচাৰ চলিছিল। সাম্প্ৰদায়িক সংঘৰ্ষত লাখ লাখ মানুহে প্ৰাণ হেৰুৱাইছিল। কোৱা হয়, পাকিস্তানৰ পৰা লাখ লাখ মানুহক হত্যা কৰি ৰে’লত প্ৰেৰণ কৰা হৈছিল। মুঠতে বহু কষ্ট, ত্যাগ আৰু অপেক্ষাৰ অন্তত ভাৰতে মূৰ তুলিবলৈ সক্ষম হৈছিল।

স্বাধীনতা লাভ কৰাৰ সন্ধিয়াই সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৱে লালকিল্লাত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। তেতিয়াৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত পতাকা উত্তোলন কৰি আহিছে।

গতিকে ১৫ আগষ্ট আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই দিনটোতেই আমাক সোঁৱৰাই দিয়ে যে দেশতকৈ ডাঙৰ আৰু আন কোনোৱে নহয়। ইয়াৰোপৰি এই দিনটোতে আমাৰ মনত সেই সেনানীসকলৰ স্মৃতিও সজীৱ হৈ উঠে যিয়ে দেশৰ বাবে প্ৰাণ আহুতি দিছিল। আজিৰ এই বিশেষ দিনটোত সেই বীৰ শ্বহীদসকলক মোৰ অশেষ শ্ৰদ্ধাঞ্জলি।

আজিৰ ভাৰত সলনি হৈছে। ভাৰত উন্নতিৰ শিখৰলৈ গতি কৰিছে। বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশে ভাৰত আগবাঢ়িছে। বিশ্বৰ বুকুত ভাৰতে নিজৰ নাম উজ্বল আখৰেৰে লিখিছে। এই দেশৰ নাগৰিক হিচাপে মই গৌৰৱান্বিত। অৱশেষত সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিলো। ধন্যবাদ, জয় হিন্দ!

 

 

অন্য খবৰ পঢ়কঃ Independence day 2025 Speech: ছাত্ৰ-ছাত্ৰীৰ বাবে স্বাধীনতা দিৱসৰ চমু ভাষণ…