শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ চোৰাংচোৱা বিভাগত কাম কৰাৰ সুযোগ! হাজাৰ হাজাৰ পদ খালী, ক’ত, কেনেকৈ আবেদন কৰিব, জানক…

আপুনিও ভাৰতৰ চোৰাংচোৱা সংস্থাত কাম কৰিব বিচাৰে নেকি? তেন্তে আছে এক ভাল খবৰ। কিয়নো হাজাৰ হাজাৰ পদৰ বাবে পদ মুকলি হৈছে। IB ৰ অধীনত দিয়া হ'ব নিযুক্তি।

ভাৰতৰ চোৰাংচোৱা বিভাগত কাম কৰাৰ সুযোগ! হাজাৰ হাজাৰ পদ খালী, ক’ত, কেনেকৈ আবেদন কৰিব, জানক…
চাকৰি Image Credit source: META AI
barasha-sarma
Barasha Sarma | Published: 21 Jul 2025 10:30 AM

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। ভাৰতৰ ইন্টালিজেন্স ব্যুৰ (IB)ৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত থকা সহকাৰী কেন্দ্ৰীয় চোৰাংচোৱা বিষয়া (ACIO) গ্ৰেড-II/কাৰ্যবাহী পদৰ বাবে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে হাজাৰ হাজাৰ খালী পদ পূৰ কৰা হ’ব। ১৯ জুলাইৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে আপুনি যদি আবেদন কৰিব বিচাৰে তেন্তে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবছাইট www.mha.gov.in ৰ জৰিয়তে আবেদন কৰিব পাৰিব।

এই নিযুক্তি অভিযানৰ অধীনত সহকাৰী কেন্দ্ৰীয় চোৰাংচোৱা বিষয়াৰ (ACIO) মুঠ ৩,৭১৭টা পদ পূৰণ কৰা হ’ব।  আবেদনৰ অন্তিম তাৰিখ ১০ আগষ্ট।

খালী পদৰ সবিশেষ

  • সাধাৰণ শ্ৰেণী (UR)- ১৫৩৭ টা পদ
  • অৰ্থনৈতিকভাৱে দুৰ্বল শাখা (EWS)- ৪৪২ টা পদ
  • অন্যান্য পিছপৰা শ্ৰেণী (OBC)- ৯৪৬ টা পদ
  • অনুসূচিত জাতি (SC)- ৫৬৬ টা পদ
  • অনুসূচিত জনজাতি (এছ টি)- ২২৬ টা পদ

যোগ্যতা

শিক্ষাগত অৰ্হতাঃ আবেদনকাৰী প্ৰাৰ্থীৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। ইয়াৰ লগতে কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।

বয়সৰ সীমাঃ ২০২৫ চনৰ ১০ আগষ্টলৈকে আবেদনকাৰীৰ বয়স কমেও ১৮ বছৰ আৰু সৰ্বাধিক ২৭ বছৰ হ’ব লাগিব। অৱশ্যে SC/ST ৰ প্ৰাৰ্থীসকলে ৫ বছৰ, OBC ৰ প্ৰাৰ্থীসকলে ৩ বছৰ বয়সৰ শিথিলতা লাভ কৰিব।

মাচুল

  • সাধাৰণ, ই ডব্লিউ এছ আৰু অ বি চিঃ ৬৫০ টকা
  • অন্যান্যসকলৰ বাবেঃ ৫৫০ টকা

IB ACIO ত কেনেকৈ আবেদন কৰিব?

  • প্ৰথমে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবছাইট www.mha.gov.in লৈ যাওক।
  • তাৰ পিছত হোমপেজত দিয়া IB ACIO এপ্লিকেচন লিংকত ক্লিক কৰক।
  • ইয়াৰ পিছত নিজেই পঞ্জীয়ন কৰক।
  • এতিয়া লগইন কৰি আবেদন পত্ৰ পূৰণ কৰক।
  • আপোনাৰ পূৰণ কৰা আবেদন পত্ৰখন ভালদৰে পৰীক্ষা কৰি মাচুল দিব লাগে।
  • ইয়াৰ পিছত আবেদন পত্ৰ জমা দিব।
  • আবেদন পত্ৰখন ডাউনলোড কৰক আৰু অধিক প্ৰয়োজনৰ বাবে ইয়াৰ প্ৰিন্টআউটও লওক।

নিৰ্বাচন প্ৰক্ৰিয়া

লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ দ্বাৰা প্ৰাৰ্থী নিৰ্বাচন কৰা হব। লিখিত পৰীক্ষা দুটা পৰ্যায়ত হ’ব।

  • টিয়াৰ-১ত ১০০টা বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন থাকিব, যত ১০০ নম্বৰৰ হ’ব আৰু ইয়াৰ বাবে মুঠ ৬০ মিনিট সময় দিয়া হ’ব।
  • টায়াৰ-২ত ৫০ নম্বৰৰ বৰ্ণনাত্মক প্ৰশ্ন সোধা হ’ব।
  • তাৰ পিছত ১০০ নম্বৰৰ সাক্ষাৎকাৰ আৰু এই সকলোবোৰ পৰ্যায়ত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ মেৰিট লিষ্ট প্ৰস্তুত কৰা হ’ব।

 

দৰমহাঃ নিৰ্বাচিত প্ৰাৰ্থীসকলে লেভেল-৭ পে মেট্ৰিক্সৰ অধীনত প্ৰতিমাহে ৪৪,৯০০ টকাৰ পৰা ১,৪২,৪০০ টকা দৰমহা লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ বেংকত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…