National Anthem of India: কিয়, কেনেকৈ ‘জন গন মন’ক ৰাষ্ট্ৰীয় সংগীত হিচাপে নিৰ্বাচন কৰা হৈছিল? জানক সকলো…
National Anthem of India: ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত 'জন গন মন'। স্বাধীনতা লাভ কৰাৰ পাছত এই গীতটি দেশৰ জাতীয় সংগীত হিচাপে ঘোষণা কৰা হৈছিল। প্ৰশ্ন হয়, কেনেকৈ 'জন গন মন' ৰাষ্ট্ৰীয় সংগীত হিচাপে নিৰ্বাচিত হৈছিল।

ভাৰতৰ স্বাধীনতা দিৱস যিদৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে বিশেষ, ঠিক সেইদৰে ৰাষ্ট্ৰীয় সংগীত ‘জন গন মন’ সকলোৰে এক গৌৰৱ তথা আবেগ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছিল বিশিষ্ট সাহিত্যিক তথা ন’বেল বঁটা বিজয়ী ৰবীন্দ্ৰ নাথ ঠাকুৰে। আজিৰ পৰা প্ৰায় ১১৩ বছৰ পূৰ্বে অৰ্থাৎ ১৯১১ চনৰ ২৭ ডিচেম্বৰত ৰবীন্দ্ৰ নাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে ‘জন গন মন’ গাইছিল। অৱশ্যে সেই তেতিয়ালৈকে এই গীতটি ৰাষ্ট্ৰীয় সংগীত হিচাপে ঘোষণা হোৱা নাছিল। ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু ভগ্নী সৰলাই ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধিবেশন এই গীতটি গাইছিল। ৰবীন্দ্ৰ নাথ ঠাকুৰে ১৯০৫ চনত এই গীতটি বাংলা ভাষাত ৰচনা কৰিছিল।
জন গন মন
১৯৫০ চনৰ ২৪ জানুৱাৰীত ‘জন গন মন’ক ৰাষ্ট্ৰীয় সংগীত হিচাপে ঘোষণা কৰা হৈছিল। তথ্য অনুসৰি বঙালী ভজন “ভৰতো ভাগ্য বিধাতা”ৰ প্ৰথম স্তৱক জন গন মন। এই গীতটি ১৯১৯ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে অন্ধ্ৰপ্ৰদেশৰ বেছান্ট থিয়ছফিকেল কলেজত গাইছিল। পাছত গীতটি কলেজ প্ৰশাসনে পুৱাৰ প্ৰাৰ্থনাত অন্তৰ্ভুক্ত কৰে। লাহে লাহে এই গীতৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল।
অনুবাদ
নেতাজী সুভাষ চন্দ্ৰ বসুয়ে এই গীতটি বাংলা ভাষাৰ পৰা সংস্কৃত আৰু হিন্দীলৈ অনুবাদ কৰিছিল। কেপ্তেইন অবিদ আলীয়ে হিন্দী অনুবাদৰ ব্যৱস্থা কৰিছিল, আৰু কেপ্তেইন ৰাম সিঙে সংগীতৰ ব্যৱস্থা কৰিছিল। পাছত ইংৰাজীত অনুবাদ হৈছিল। এই গীতটি পিছলৈ ২২ টা জাতীয় ভাষা আৰু বহু আঞ্চলিক ভাষালৈ অনুবাদ কৰা হৈছিল।
কেনেকৈ হ’ল ৰাষ্ট্ৰীয় সংগীত
স্বাধীনতাৰ নিশা প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ বৈঠক অনুষ্ঠিত হৈছিল, য’ত জন গন মন গোৱা হৈছিল। এই গীতটি বহুতে ৰাষ্ট্ৰীয় সংগীত হিচাপে ঘোষণা কৰাৰ দাবী কৰিছিল। ১৯৪৭ চনত নিউয়ৰ্কত সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ এক বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত ভাৰতৰ প্ৰতিনিধি দলক ৰাষ্ট্ৰীয় সংগীতৰ ৰেকৰ্ড বিচাৰিছিল। তেতিয়া UNGA “জন গন মন”ৰ ৰেকৰ্ডিং দিয়ে।
এই সন্দৰ্ভত পাছত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৱে কৈছিল যে, সমগ্ৰ বিশ্বৰ প্ৰতিনিধিৰ আগত অৰ্কেষ্ট্ৰাত “জন গন মন” গোৱা হৈছিল আৰু সকলোৱে যথেষ্ঠ ভাল পাইছিল। উল্লেখ্য য়ে, বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে জন গন মনৰ সুৰৰ স্বাতন্ত্ৰ্য আৰু আভিজাত্যত মুগ্ধ হৈ ইয়াৰ স্বৰলিপি বিচাৰিছিল। পৰৱৰ্তীকালত “গায়নযোগ্যতা” বা “singability”ৰ কাৰণে “বন্দে মাতৰম্”ৰ সলনি “জন-গণ-মন”কেই ভাৰতৰ জাতীয় সংগীত কৰাৰ পক্ষে বিশেষজ্ঞসকলে মত পোষণ কৰে। ভাৰতৰ সকলোৱে এই গীতটি গ্ৰহণ কৰিছিল। অৱশ্যে বিতৰ্কৰ পৰা সাৰি যোৱা নাছিল জন গন মন।
অৱশেষত ১৯৫০ চনৰ ২৪ জানুৱাৰীত এই গীতটিয়ে ৰাষ্ট্ৰীয় সংগীত হিচাপে মান্যতা লাভ কৰে। সেই সময়ত ভাৰতৰ সংবিধানত স্বাক্ষৰ কৰিবলৈ বিধানসভাত বহাৰ সময়ত দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে আনুষ্ঠানিকভাৱে ‘জন গণ মান’ক জাতীয় সংগীত আৰু ‘বন্দে মাতৰম’ক জাতীয় গীত হিচাপে ঘোষণা কৰে।
নিয়ম
ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত গোৱাৰ নিয়ম আছে। জন গন মন গোৱাৰ বাবে ৫২ ছেকেণ্ড সময় নিৰ্ধাৰণ কৰা হৈছে। ইয়াক ৪৯ ৰ পৰা ৫২ ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে।যদি এই সংগীত সংক্ষেপত গোৱা হয় তেন্তে ২০ ছেকেণ্ডত গাব লাগে। তেতিয়া ইয়াৰ প্ৰথম আৰু শেষ পংক্তি গোৱা হয়। ইয়াৰোপৰি ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰাৰ সময়ত থিয় হোৱাটো ৰাষ্ট্ৰীয় কৰ্তব্য।
অন্য খবৰ পঢ়কঃ Independence day 2025 Speech: ছাত্ৰ-ছাত্ৰীৰ বাবে স্বাধীনতা দিৱসৰ চমু ভাষণ…