শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
প্ৰধানমন্ত্ৰীৰ ভাষণৰ পৰা অক্সফ'ৰ্ডত অসমীয়াৰ সাফল্যলৈ, দিনটোৰ শীৰ্ষ খবৰ

প্ৰধানমন্ত্ৰীৰ ভাষণৰ পৰা অক্সফ’ৰ্ডত অসমীয়াৰ সাফল্যলৈ, দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 10 Aug 2025 22:59 PM

গুৱাহাটীৰ অৰণী এছ হাজৰিকাই এক বিশেষ কৃতিত্ব অৰ্জনেৰে আজি গৌৰৱান্বিত কৰি তুলিছে ৰাজ্যবাসীক। ইংলেণ্ডৰ বিশ্ববিখ্যাত উচ্চশিক্ষাৰ প্ৰতিষ্ঠান অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰিছে অসম সন্তানগৰাকীয়ে।

আজি বেংগালুৰুত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে অপাৰেচন সেন্দূৰৰ সফলতাৰ আঁৰৰ এক বিশেষ কাৰণৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ মতে প্ৰযুক্তি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মেক ইন ইণ্ডিয়াৰ শক্তি অপাৰেচন সেন্দূৰৰ সফলতাৰ এক প্ৰধান কাৰক। কেইঘণ্টামানৰ ভিতৰতে পাকিস্তানে আঁঠু লোৱাৰ দ্বাৰাই ভাৰতৰ ক্ষমতা প্ৰতিফলিত হৈছে বুলি তেওঁ লগতে কয়।

গুৱাহাটীৰ অৰণী এছ হাজৰিকাই এক বিশেষ কৃতিত্ব অৰ্জনেৰে আজি গৌৰৱান্বিত কৰি তুলিছে ৰাজ্যবাসীক। ইংলেণ্ডৰ বিশ্ববিখ্যাত উচ্চশিক্ষাৰ প্ৰতিষ্ঠান অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰিছে অসম সন্তানগৰাকীয়ে। শৈক্ষিক ক্ষেত্ৰত এই অসামান্য সফলতা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে কৃতিত্ব অৰ্জন কৰিছে অৰণী এছ হাজৰিকাই।

চাওক দিনটোৰ আন কেইটামান চৰ্চিত খবৰ…