ৰাষ্ট্ৰীয় পতাকাৰ লগত জড়িত ১০টা গুৰুত্বপূৰ্ণ নিয়ম

12 AUG 2025

Credits: AP/ PTI/ Unsplash/Getty

TV9 ASSAM

১৫ আগষ্টত দেশে পালন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষে বিদ্যালয়-মহাবিদ্যালয়, কাৰ্যালয় আদি সকলোতে ত্ৰিৰংগা উত্তোলন কৰা হ'ব।

স্বাধীনতা দিৱস

ভাৰতীয় জাতীয় পতাকা সম্পৰ্কীয় আইন, পৰম্পৰা, প্ৰথা আৰু নিৰ্দেশনা ভাৰতীয় পতাকা সংহিতাত উল্লেখ আছে।

ৰাষ্ট্ৰীয় পতাকা সম্পৰ্কীয় আইন

ভাৰতীয় পতাকা সংহিতা অনুসৰি জাতীয় পতাকা আয়তাকাৰ আকৃতিৰ হ’ব লাগে। পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত হ'ব ৩:২।

আকৃতি আয়তাকাৰ

যেতিয়াই জাতীয় পতাকা উত্তোলন কৰা হয়, সন্মানজনক অৱস্থাত আৰু স্পষ্টকৈ ৰাখিব লাগে।

সন্মান

জাতীয় পতাকা উত্তোলন কৰাৰ সময়ত এটা কথা মনত ৰখা উচিত যে ত্ৰিৰংগা কাটিব নালাগে বা বিশৃংখল হ’ব নালাগে। ইয়াক মাটি বা মজিয়া বা পানী স্পৰ্শ কৰিবলৈ দিয়া নহয়।

 বিশৃংখল হ’ব নালাগে

জাতীয় পতাকা ওলোটাকৈ উত্তোলন কৰা নহয়। অৰ্থাৎ গেৰুৱা অংশটো তলৰ ফালে হ’ব নোৱাৰে।

ওলোটাকৈ উত্তোলন কৰা নহয়

জাতীয় পতাকাক অপমান কৰিলে বা ওলোটাকৈ, ফাটি যোৱা বা লেতেৰা পতাকা উত্তোলন কৰিলে ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড, জৰিমনা বা দুয়োটায়ে হ’ব পাৰে।

নিয়ম ভংগ কৰাৰ শাস্তি

চাবলৈ ক্লিক কৰক 

 ঘৰৰ পৰা আঁতৰ কৰক এইবোৰ সামগ্ৰী...