শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অসীম মুনিৰৰ পাৰমাণৱিক ভাবুকিৰ প্ৰত্যুত্তৰ ভাৰতৰ, এনে ভাবুকিলৈ ভাৰতে ভয় নকৰে

অসীম মুনিৰৰ পাৰমাণৱিক ভাবুকিৰ প্ৰত্যুত্তৰ ভাৰতৰ, এনে ভাবুকিলৈ ভাৰতে ভয় নকৰে

monjit-dutta
Monjit Dutta | Published: 11 Aug 2025 20:32 PM

অপাৰেচন সেন্দূৰৰ সময়ত শক্তিৰ পতন ঘটিলেও অহংকাৰৰ পতন হোৱা নাই পাকিস্তানৰ। দেশখনৰ সেনাপ্ৰধান অসীম মুনিৰে পুনৰ এবাৰ দিছে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি। আমেৰিকাৰ মাটিত থিয় হৈ পাক সেনাপ্ৰধানজনে ভাৰতক দিছে এনে ভাবুকি।

ভাৰতে চলোৱা অপাৰেচন সেন্দূৰৰ সময়ত বিপৰ্যস্ত হৈ পৰিছিল পাকিস্তান। আনকি উপায়ন্তৰ হৈ দেশখনে পাৰমাণৱিক আক্ৰমণ সংঘটিত কৰাৰো পৰিকল্পনা কৰিছিল। অপাৰেচন সেন্দূৰৰ সময়ত আমেৰিকায়ো পাকিস্তানৰ এই পৰিকল্পনাৰ কথা সদৰী কৰিছিল। পাকিস্তানৰ এই পাৰমাণৱিক আক্ৰমণৰ ভাবুকি ভাৰতে সহ্য নকৰিব বুলি সকীয়াই দিছিল প্ৰধানমন্ত্ৰী মোদীয়েও। পিছে অপাৰেচন সেন্দূৰৰ সময়ত শক্তিৰ পতন ঘটিলেও অহংকাৰৰ পতন হোৱা নাই পাকিস্তানৰ।

দেশখনৰ সেনাপ্ৰধান অসীম মুনিৰে পুনৰ এবাৰ দিছে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি। আমেৰিকাৰ মাটিত থিয় হৈ পাক সেনাপ্ৰধানজনে ভাৰতক দিছে এনে ভাবুকি। কেৱল সিমানেই নহয়, মুনিৰে আনকি ভাৰতে স্থগিত ৰখা সিন্দু জল চুক্তি সন্দৰ্ভতো চাঞ্চল্যকৰ মন্তব্য কৰিছে। ভাৰতে সিন্দু নদীত মথাউৰি নিৰ্মাণ কৰিলে পাকিস্তানে ক্ষেপণাস্ত্ৰ আক্ৰমণেৰে মথাউৰি ভাঙি পেলাব বুলি ভাবুকি দিছে মুনিৰে।