শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সমজিলা ৪৯ খনলৈ বৃদ্ধি, নতুনকৈ গঠন হোৱা ১০ খন সমজিলাৰ তালিকা চাওঁক…

দ্বিতীয় পৰ্যায়ত আজি নতুনকৈ ১০ খন সমজিলা উদ্বোধন কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যখনৰ সমজিলাৰ সংখ্যা ৪৯ খনলৈ বৃদ্ধি পায়।

সমজিলা ৪৯ খনলৈ বৃদ্ধি, নতুনকৈ গঠন হোৱা ১০ খন সমজিলাৰ তালিকা চাওঁক…
হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Published: 12 Aug 2025 17:41 PM

মঙলবাৰে অসমত গঠন কৰা হয় ১০ নতুন সমজিলা। ইয়াৰ লগে লগে ৰাজ্যখনত সমজিলাৰ সংখ্যা হ’লগৈ ৪৯ খন। অনুষ্ঠান আয়োজন কৰি আনুষ্ঠানিকভাৱে সমজিলাসমূহ উদ্বোধন কৰা হয়। নতুন সমজিলা কেইখনৰ ভিতৰত আছে- কামৰূপ জিলাৰ বকো-ছয়গাঁও আৰু পলাশবাৰী, শোণিতপুৰৰ বৰছলা আৰু ৰঙাপাৰা, যোৰহাটৰ মৰিয়নী আৰু টীয়ক, তিনিচুকীয়াত মাকুম আৰু ডিগবৈ, কাছাৰত ধলাই আৰু গোৱালপাৰাৰ দুধনৈ।

সূত্ৰ খবৰ অনুসৰি, মঙলবাৰে আঠ খন সমজিলা উদ্বোধন কৰাৰ বিপৰীতে আৰু বুধবাৰে আন দুখন সমজিলা উদ্বোধন কৰা হ’ব। মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক্স হেণ্ডেলৰ জৰিয়তে কয় যে, দ্বিতীয় পৰ্যায়ত আৰু ১০খন সমজিলা উদ্বোধনৰ লগে লগে অসম চৰকাৰে তৃণমূল পৰ্যায়ত শাসন ব্যৱস্থা বৃদ্ধিৰ দিশত আৰু এখোজ আগবঢ়াইছে।

এই পদক্ষেপৰ লক্ষ্য হৈছে অত্যাৱশ্যকীয় সেৱাসমূহ নাগৰিকৰ ওচৰলৈ অনা, প্ৰশাসনিক দক্ষতা বৃদ্ধি আৰু জনকল্যাণৰ পদক্ষেপসমূহ শক্তিশালী কৰা বুলিও লগতে কোৱা হৈছে।প্ৰথম পৰ্যায়ত যোৱা বছৰৰ ৪ আৰু ৫ অক্টোবৰত ৩৯খন সহজিলা উদ্বোধন কৰা হৈছিল ।

সমজিলাসমূহ ক্ষমতাৰ ভিতৰত আছে-ভূমি ৰাজহৰ বিষয়, উন্নয়নমূলক কাম, কল্যাণমূলক আঁচনি, দণ্ডাধীশৰ কাম, খাদ্য আৰু অসামৰিক যোগান, প্ৰশাসনিক বিষয়, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জড়িত বিভিন্ন ক্ষমতা।