শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিবাহৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন, ৮ মাহ ধৰি দেহ ব্যৱসায়, তাৰ পিছত হত্যা কৰিবলৈ…

প্ৰেমিকে নাবালিকাক মাদক দ্ৰব্য মিহলোৱা শীতল পানীয় খুৱাই নিজৰ ঘৰলৈ লৈ যায়। তাতে তেওঁক পণবন্দী কৰি ৰাখি দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰালে। বৰ্তমান আৰক্ষীয়ে ৮জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। বিষয়টোৰ তদন্ত অব্যাহত আছে।

বিবাহৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন, ৮ মাহ ধৰি দেহ ব্যৱসায়, তাৰ পিছত হত্যা কৰিবলৈ…
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Published: 12 Aug 2025 17:21 PM

হাৰিয়ানাৰ পানীপটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।  বিবাহৰ প্ৰলোভনেৰে বহুবাৰ নাবালিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে প্ৰেমিক ল’ৰাই। কেৱল এয়াই নহয়, ছোৱালীজনীক মাদক দ্ৰব্য মিহলোৱা শীতল পানীয় খাবলৈ দি উত্তৰ প্ৰদেশৰ নিজৰ ঘৰলৈ লৈ গ’ল। ঘৰতে ৮ মাহ পণবন্দী কৰি ৰাখিছিল আৰু এই সময়ছোৱাতে ছোৱালীজনীক দেহ ব্যৱসায়লৈও ঠেলি দিছিল।

তাৰ পিছত ছোৱালীজনী গৰ্ভৱতী হয়। কিন্তু ছোৱালীজনীয়ে ঘৰতে গৰ্ভপাত কৰিবলৈ বাধ্য হয়। তাৰ পিছত যেতিয়া ছোৱালীজনীয়ে আৰক্ষীক অভিযোগ দিম বুলি ভাবুকি দিলে, তেতিয়া তেওঁক হত্যাৰ উদ্দেশ্যেৰে ৰে’লপথলৈ লৈ যোৱা হ’ল। কিন্তু তাত মানুহ থকাৰ বাবে ধূৰ্ত প্ৰেমিকৰ উদ্দেশ্য সফল নহ’ল। এদিন ছোৱালীজনীয়ে প্ৰেমিকৰ মোবাইলেৰে মনে মনে মাতৃক তেওঁক লগত হোৱা সকলো অত্যাচাৰৰ কথা ক’লে।

ইয়াৰ পিছতে আৰক্ষীৰ সৈতে পৰিয়ালে সেই স্থানত উপস্থিত হৈ ছোৱালীজনীক উদ্ধাৰ কৰে। সম্প্ৰতি ভুক্তভোগী ছোৱালীজনীৰ এজাহাৰত ছেক্টৰ-২৯ থানাত ৮জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। এজাহাৰত চাৰিগৰাকী মহিলাৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰেমিকৰ নাম আৰু গোচৰৰ মূল অভিযুক্ত হ’ল ছলমান। তেওঁ পানীপটৰ কিষাণপুৰা চৌকী অঞ্চলৰ এটা কলনীৰ বাসিন্দা।

ছোৱালীজনীয়ে আৰক্ষীক জনোৱা মতে, ৭ গৰাকী ভগ্নীৰ ভিতৰত তেওঁ আটাইতকৈ কনিষ্ঠ। এবছৰৰ আগতে তেওঁ ছলমানক লগ পাইছিল। আগতে পানীপটত কাম কৰিছিল। ঘৰৰ আন মানুহ নথকা সময়ত ছলমান ঘৰলৈ আহিছিল। বিয়াৰ মিছা প্ৰতিশ্ৰুতি দি কেইবাবাৰো তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। যেতিয়া তেওঁ গৰ্ভৱতী হৈছিল তেতিয়া ছলমানে এই কথা পৰিয়ালৰ লোকক ক’বলৈ মানা কৰিছিল। তেওঁ কৈছিল যে নিজেই ছোৱালীজনীৰ পৰিয়ালৰ সদস্যৰ লগত কথা পাতিব।

বিগত বছৰৰ ২৩ ডিচেম্বৰত ছলমানে ছোৱালীজনীক গাড়ীত বহিবলৈ দি শীতল পানীয় খাবলৈ দিছিল। শীতল পানীয় খাই তেওঁ অচেতন হৈ পৰিল। যেতিয়া তেওঁ চেতনা ঘূৰাই পাইছিল, তেতিয়া উত্তৰ প্ৰদেশৰ নাজিবাবাদৰ এখন হোটেলত আছিল। তাত ছলমানৰ হাতত এটা পিষ্টল আছিল। ছলমানে ছোৱালীজনীক ভাবুকি দিছিল যে তেওঁৰ সন্মতি অবিহনে তালৈ অহা বুলি কাৰোবাক ক’লে সি তেওঁক হত্যা কৰিব।

নাবালকগৰাকীয়ে কয় যে তাৰ পিছত ছলমানে তেওঁক আন এখন হোটেললৈ লৈ যায়। তাত হোটেলৰ কৰ্মচাৰীক ছোৱালীজনীৰ লগত বেয়া কাম কৰিবলৈ ক’লে যদিও হোটেলৰ কৰ্মচাৰীয়ে নাবালিকা বুলি কৈ নাকচ কৰিলে। যেতিয়া ছলমানে ক’তো ধন নাপালে তেতিয়া ছোৱালীজনীক লৈ ইউ পিৰ জালালাবাদত থকা নিজৰ ঘৰলৈ যায়। তাত তেওঁৰ মাক-দেউতাক, ভায়েক, তিনিজনী ভনীয়েক আৰু ভিনিহিয়েক আছিল। তাত তেওঁক এটা কোঠাত আবদ্ধ কৰি ৰখা হৈছিল। তাৰ পিছত প্ৰতিদিনে বেয়া কাম কৰিবলৈ মানুহ পঠিওৱা হৈছিল।

ছোৱালীজনীয়ে কয় যে বহুবাৰ তিনিজন মানুহক তেওঁৰ লগত বেয়া কাম কৰিবলৈ পঠিওৱা হৈছিল। ইয়াৰ প্ৰতিবাদ কৰাৰ বাবেই তেওঁক প্ৰহাৰ কৰা হৈছিল। ছোৱালীজনীক কোৱা হৈছিল যে ছলমানে তেওঁক কেৱল বেশ্যাবৃত্তি কৰিবলৈ তালৈ নিছে। লগতে টকা উপাৰ্জন কৰিবলৈ বয়সীয়াল মানুহৰ লগত তেওংৰ বিয়া পাতি দিব।

বৰ্তমান আৰক্ষীয়ে ছলমান, তেওঁৰ পিতৃ-মাতৃ, ভাতৃ, তিনিগৰাকী ভগ্নী আৰু ভিনিহিয়েকৰ বিৰুদ্ধে POCSO আইনৰ ৬ নং ধাৰা আৰু বিএনএছৰ অন্যান্য ধাৰাত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে জনোৱা মতে, এই গোচৰৰ তদন্ত চলি আছে। অতি সোনকালে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব।

লগতে পঢ়ক: ৰতন টাটা জীয়াই থকাহেঁতেন… আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ আমেৰিকাৰ অধিবক্তাই ক’লে