শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
CBSE ৰ ডাঙৰ সিদ্ধান্ত, এতিয়াৰ পৰা পৰীক্ষা হ'ব ব্যতিক্ৰম ধৰণে

CBSE ৰ ডাঙৰ সিদ্ধান্ত, এতিয়াৰ পৰা পৰীক্ষা হ’ব ব্যতিক্ৰম ধৰণে

Raj Saikia
Raj Saikia | Published: 11 Aug 2025 19:52 PM

সংবাদমাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে এই প্ৰস্তাৱত জুলাই মাহতেই অনুমোদন জনাইছিল CBSEয়ে। কিন্তু যোৱা দেওবাৰেহে এই সিদ্ধান্ত চূড়ান্ত হয়। একাংশৰ মতে নতুন শিক্ষা নীতিত উল্লেখ কৰা নতুন ধৰণৰ শিক্ষাৰ লগত এই সিদ্ধান্তই কোনোধৰণে খোজ মিলাইছে।

অহা শিক্ষাবৰ্ষৰ পৰাই অপেন বুক এছেচমেণ্টত অনুমোদন জনাইছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ বাবে CBSEয়ে। তেওঁলোকে জনোৱা মতে, অহা শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে আৰম্ভ কৰা হ’ব এই বিশেষ মূল্যায়ন।

বহু কেইটা সংবাদমাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে এই প্ৰস্তাৱত জুলাই মাহতেই অনুমোদন জনাইছিল CBSEয়ে। কিন্তু যোৱা দেওবাৰেহে এই সিদ্ধান্ত চূড়ান্ত হয়। একাংশৰ মতে নতুন শিক্ষা নীতিত উল্লেখ কৰা নতুন ধৰণৰ শিক্ষাৰ লগত এই সিদ্ধান্তই কোনোধৰণে খোজ মিলাইছে।

কিন্তু CBSEয়ে জনোৱা মতে এই অপেন বুক এছেচমেণ্ট বাৰ্ষিক পৰীক্ষাৰ বাবে নহয়, বছৰজুৰি চলি থকা অন্তৱৰ্তীকালীন পৰীক্ষা বা আভ্যন্তৰীণ পৰীক্ষাৰ বাবে বাছনি কৰা হৈছে। অৱশ্যে কিছু বিষয়ৰ বাবে অপেন বুক এছেচমেণ্টৰ কথা চিন্তা কৰিছে CBSEয়ে। জানিব পৰা মতে এই প্ৰক্ৰিয়াত ভাষা, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আদি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। অৱশ্যে CBSE ৰ অধীনত থকা সকলো বিদ্যালয়ে এই পৰীক্ষা পদ্ধতি গ্ৰহণ কৰাৰ কোনো বাধ্যবাধকতা নাই বুলিও জনাইছে ব’ৰ্ড কমিটীয়ে।