১৫ আগষ্টৰ পূৰ্বে নিৰ্দেশনা! সকলো মছজিদ, দৰগাহ, মাদ্ৰাছাৰ মূল দুৱাৰত উত্তোলন কৰিব লাগিব ৰাষ্ট্ৰীয় পতাকা…
সমাগত স্বাধীনতা দিৱস। ইয়াৰ বাবে সাজু হৈছে চৰকাৰ তথা প্ৰশাসন। ইয়াৰ মাজতে এক বিশেষ নিৰ্দেশনা জাৰি হৈছে। এই নিৰ্দেশনা অনুসৰি, সকলো মছজিদ, মাদ্ৰাছাৰ সন্মুখত জাতীয় পতাকা উত্তোলন কৰিব লাগিব।

সমাগত স্বাধীনতা দিৱস। ইতিমধ্যে দেশবাসী সাজু হৈছে ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ। ইয়াৰ বাবে প্ৰতিখন ৰাজ্যৰ আৰক্ষী তথা প্ৰশাসন সাজু হৈছে। স্বাধীনতা দিৱস পালনৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, নিৰাপত্তাত সমস্যাৰ সৃষ্টি হয় তাৰ বাবে আৰক্ষী-প্ৰশাসন সস্তম হৈ উঠিছে।
ইয়াৰ পূৰ্বে প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। সকলো মছজিদ, দৰগাহ আৰু মাদ্ৰাছাত ত্ৰিৰংগা উত্তোলন কৰা কৰিব লাগিব। স্বাধীনতা দিৱস উপলক্ষে ছত্তীশগড় ৱাকফা বৰ্ডে এই নিৰ্দেশ জাৰি কৰিছে। কোৱা হৈছে যে, এইবাৰ দেশে ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিব। এই উপলক্ষে ৰাজ্যৰ সকলো মছজিদ, দৰগাহ, মাদ্ৰাছাৰ মূল দুৱাৰত ত্ৰিৰংগ উত্তোলন কৰিব লাগিব।
ৰাজ্যৰ সকলো মুতৱাল্লীলৈ ৱাকফ ব’ৰ্ডে এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে। য’ত লিখিছে যে- সকলোৱে শ্ৰদ্ধাৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব লাগিব। ইয়াৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় সংগীতৰো আয়োজন কৰিব লাগিব। ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ ড০ চেলিম ৰাজে কয় যে জাতীয় ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা শক্তিশালী কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ ড০ চেলিম ৰাজে এই সিদ্ধান্তক জাতীয় ঐক্য আৰু ভাতৃত্ববোধৰ বাবে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয়, “আমাৰ দেশখন চুফী-সন্তৰ দেশ। এই দেশত প্ৰতিটো জাতি, ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকে গংগা-জামুনি তেহজীবৰ সৈতে একেলগে বাস কৰে”। লগতে কয় যে, ইছলাম ধৰ্মই দেশৰ প্ৰতি এক প্ৰেমৰ বাৰ্তা দিয়ে।
যাক বাবে সকলোৱে স্বাধীনতা দিৱসত নিজৰ প্ৰেম আৰু কৰ্তব্য পালন কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে। লগতে কয়, ইয়াৰ বিৰোধিতা কৰাসকল দেশপ্ৰেমিক নহয়। তেওঁলোক বিশ্বাসঘাটক। এনে লোকৰ দেশত বাস কৰাৰ কোনো অধিকাৰ নাই। তেওঁ লগতে কয় যে, এনেধৰণৰ অনুষ্ঠানে ৰাইজৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি সুদৃঢ় কৰিব।
উল্লেখ্য যে, ৱাকফ বৰ্ডৰ এই সিদ্ধান্তক একাংশ প্ৰশংসা কৰাৰ লগতে আন একাংশই বিৰোধিতা কৰিছে। ইয়াত ৰাজনীতি জড়িত হৈ আছে বুলি কয় একাংশই। অৱশ্যে সমালোচনাৰ মাজতো এই পদক্ষেপে একাংশৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। সামাজিক মাধ্যমত বহুতে বৰ্ডৰ এই নিৰ্দেশনাক প্ৰশংসাৰে উপচাই দিছে।
অন্য খবৰ পঢ়কঃ National Anthem of India: কিয়, কেনেকৈ ‘জন গন মন’ক ৰাষ্ট্ৰীয় সংগীত হিচাপে নিৰ্বাচন কৰা হৈছিল? জানক সকলো…