ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
আজিৰ দিনটোতে ভাৰত আৰু জাৰ্মানীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পাদিত হয়। আজিৰ দিনটোতে লেবাননে সংবিধান গৃহীত কৰে । ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ কেইটামান পৰিঘটনা ।

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২৬ মে’ৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে ভাৰত আৰু জাৰ্মানীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পাদিত হয়। আজিৰ দিনটোতে লেবাননে সংবিধান গৃহীত কৰে । ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ কেইটামান পৰিঘটনা ।
দিনটোৰ ইতিহাস
- ১৯২৬ আজিৰ দিনটোতে লেবাননে সংবিধান গৃহীত কৰে।
- ১৯৩৭ চনৰ আজিৰ দিনটোতে দক্ষিণ ভাৰতীয় চিনেমাৰ বিখ্যাত কমেডী অভিনেত্ৰী মনোৰামাৰ জন্ম।
- ১৯৪৬ চনৰ আজিৰ দিনটোতে সমাজকৰ্মী তথা ৰাজনীতিবিদ অৰুণা ৰায়ৰ জন্ম হয়।
- ১৯৬৯ চনৰ আজিৰ দিনটোতে এপ’ল’ ১০ মহাকাশচাৰী পৃথিৱীলৈ উভতি আহে।
- ১৯৮৩ চনৰ আজিৰ দিনটোতে বেইজিং অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰৰ জন্ম।
- ১৯৮৬ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ বিখ্যাত গল্পকাৰ, গীতিকাৰ, সমালোচক আৰু ৰাজনীতিবিদ শ্ৰীকান্ত ভাৰ্মাৰ মৃত্যু হয়।
- ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰত আৰু জাৰ্মানীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পাদিত হয়।
- ২০১৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টিৰ নেতা নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ১৫ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।