Happy Republic Day Wishes: গণৰাজ্য দিৱসৰ শুভক্ষণত বন্ধু-বান্ধৱীলৈ এইদৰে প্ৰেৰণ কৰক শুভেচ্ছা বাৰ্তা…
গণৰাজ্য দিৱসৰ অনুষ্ঠান উপভোগৰ সমান্তৰালকৈ এই বিশেষ দিনটোত ব্যক্তিগতভাৱে প্ৰতিজন লোকে দেশাত্মবোধৰ পৰিচয় দি বন্ধু-বান্ধৱ তথা আত্মীয়-স্বজনলৈ শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰে। নিজৰ দেশপ্ৰেমৰ চানেকি দিয়াৰ লগতে আনকো এই মহান ভাৱেৰে উদ্বুদ্ধ কৰি তুলিব এই শুভেচ্ছাবাৰ্তাসমূহে। বন্ধু-বান্ধৱী তথা আত্মীয়লৈ প্ৰেৰণ কৰিব পৰা এনে কিছু শুভেচ্ছাবাৰ্তাৰ আৰ্হি চাওঁ আহক।

ভাৰতবৰ্ষৰ সংবিধান বলৱৎ কৰা ঐতিহাসিক দিনটো, অৰ্থাৎ ২৬ জানুৱাৰীত প্ৰতি বছৰে গণৰাজ্য দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। এই বিশেষ দিনটোত সমগ্ৰ দেশতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। স্বাভাৱিকতেই এই দিনটোত দেশপ্ৰেমৰ অনুভূতিৰে উদ্বুদ্ধ হয় দেশৰ প্ৰতিগৰাকী নাগৰিক। এইবাৰ দেশত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ’ব। ভাৰতীয় গণতন্ত্ৰৰ এই মহানতম দিনটোত সকলোৱে নিশ্চিতভাৱে বন্ধু-বান্ধৱী বা আত্মীয়-স্বজনৰ সৈতে টেলিভিচনতেই হওক বা সোঁশৰীৰে উপস্থিত থাকিয়েই হওক গণৰাজ্য দিৱসৰ অনুষ্ঠান উপভোগ কৰিব।
অনুষ্ঠান উপভোগৰ সমান্তৰালকৈ এই বিশেষ দিনটোত ব্যক্তিগতভাৱে প্ৰতিজন লোকে দেশাত্মবোধৰ পৰিচয় দি বন্ধু-বান্ধৱ তথা আত্মীয়-স্বজনলৈ শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰে। নিজৰ দেশপ্ৰেমৰ চানেকি দিয়াৰ লগতে আনকো এই মহান ভাৱেৰে উদ্বুদ্ধ কৰি তুলিব এই শুভেচ্ছাবাৰ্তাসমূহে। বন্ধু-বান্ধৱী তথা আত্মীয়লৈ প্ৰেৰণ কৰিব পৰা এনে কিছু শুভেচ্ছাবাৰ্তাৰ আৰ্হি চাওক-
১/ গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল! আহক আমি সকলোৱে মিলি আমাৰ দেশখনক আৰু অধিক মহৎ কৰি তোলোঁ। জয় হিন্দ!
২/ ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে সোঁৱৰাই আহিছে গণৰাজ্য দিৱসে। এই পবিত্ৰ দিনটোৰ শুভক্ষণত আপোনাক জনালো অলেখ শুভেচ্ছা।
৩/ গণৰাজ্য দিৱসৰ এই দিনটোৱে আমাক দেশৰ ঐক্য, অখণ্ডতা আৰু বৈচিত্ৰ্যৰ অনন্য শক্তিৰ উপলব্ধি কৰায়। আপোনালৈ গণৰাজ্য দিৱসৰ শুভকামনা। জয় হিন্দ!
৪/ গণৰাজ্য দিৱসৰ শুভকামনা। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমাৰ দায়িত্ব তথা কৰ্তব্য পালন কৰি দেশৰ সেৱাত নিজকে সঁপি দিও আহক।
৫/ গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ! এই পবিত্ৰ ক্ষণত দেশৰ গণতান্ত্ৰিক চৰিত্ৰৰ প্ৰতি সদায় সন্মান প্ৰদৰ্শনৰ পণ লওঁ আহক।
৬/ গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত দেশৰ ঐতিহ্য আৰু গৌৰৱময় অতীতক সশ্ৰদ্ধ স্মৰণ। বিশ্বৰ বুকুত সদায়েই উজলি ৰওক দেশৰ গৌৰৱময় গাঁথা। জয় হিন্দ!
৭/ গণৰাজ্য দিৱসে আমাৰ মাজলৈ আনি দিছে দেশৰ বাবে আমাৰ সঠিক দায়িত্ব পালনৰ অৰ্থে আমি কি কৰিব পাৰো সেই বিষয়ে চিন্তা কৰাৰ এক অনন্য সুযোগ। এই সুযোগ গ্ৰহণ কৰি দেশ নিৰ্মাণৰ এগৰাকী কৰ্মী হওঁ আহক। জয় হিন্দ!
৮/ স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ মহান আদৰ্শৰ সঠিক মূল্যায়নেৰে উদযাপন কৰোঁ আহক ৭৬ সংখ্যক গণৰাজ্য দিৱস। জয় হিন্দ!
৯/ গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল। দেশৰ নাগৰিক হিচাপে আমাৰ প্ৰতিজন লোকৰে অধিকাৰ সুনিশ্চিত কৰা ভাৰতৰ মহান সংবিধানৰ প্ৰতি সন্মান জনাই দেশপ্ৰেমৰ প্ৰকৃত ধাৰণাৰে আগবাঢ়ি যাওঁ আহক।
১০/ গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল। আজি আমি গৌৰৱেৰে কব পাৰোঁ, আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক। এই গৌৰৱ চিৰস্থায়ী হওক। ভাৰতীয় গণতন্ত্ৰ অমৰ হওক। জয় হিন্দ!