অবৈধ বুলি ধৰা হ’ব অনলাইন LLB, সংসদত চৰকাৰে দাখিল কৰিলে তথ্য…
আপুনিও অনলাইনত LLB কৰাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তেন্তে আপোনাৰ বাবে এক বেয়া খবৰ। কিয়নো এতিয়াৰ পৰা এনে ডিগ্ৰীক অবৈধ বুলি ধৰা হ'ব। শেহতীয়াকৈ চৰকাৰে জনাইছে এই কথা।

আজিকালি বহুতে চাকৰিৰ সমান্তৰালকৈ অধ্যয়ন কৰি থাকে। যদি আপুনিও চাকৰিৰ লগতে ডিগ্ৰী লোৱাৰ কথা ভাবিছে তেন্তে এই খবৰ আপোনাৰ বাবে। যোৱা কেইটামান বছৰৰ পৰা দেশত আইন শিক্ষাৰ ক্ষেত্ৰত যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বিভিন্নজনৰ মাজত আগ্ৰহ বৃদ্ধি হোৱা দেখা গৈছে। বহুতৰ উদ্দেশ্য, চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত আইন প্ৰেকটিচনাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰা। এনে পৰিস্থিতিত বহু লোকে চাকৰিৰ লগতে অনলাইন LLB কৰিবলৈ লয়। এনে লোকসকলৰ বাবে এতিয়া বেয়া খবৰ। কিয়নো কোনোৱে যদি চাকৰিৰ লগতে অনলাইন LLB কৰে তেন্তে সেই ডিগ্ৰীক অবৈধ বুলি গণ্য কৰা হ’ব।
ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই তথ্য প্ৰকাশ কৰিছে। ইয়াৰোপৰি তেওঁ আইনৰ অধ্যয়নৰ ক্ষেত্ৰত অন্যান্য় নিয়মসমূহৰ বিষয়েও কয়।
অৱসৰৰ পাছত আইন
বহু মানুহে অন্য চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত আইনৰ লাইনটোত ভৰি দিব খোজে। কিন্তু তেওঁলোকৰ আইন অভিজ্ঞতাক লৈ প্ৰশ্ন উত্থাপন হয়। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংসদত তথ্য দি কয় যে দেশৰ কোনো প্ৰতিষ্ঠানক অনলাইন বা বন্ধৰ দিনত LLB ক্লাছ অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হোৱা নাই। এই তথ্য তেওঁ ভাৰতীয় বাৰ কাউন্সিলৰ উদ্ধৃতি দি প্ৰদান কৰে।
আইন মন্ত্ৰালয়ে উত্তৰত কয় যে, যদি চৰকাৰী বা পেছাদাৰী বিষয়াই অৱসৰৰ পিছত আইন চৰ্চা আৰম্ভ কৰে, তেন্তে তেওঁলোকৰ আইনৰ ক্ষেত্ৰত থকা অভিজ্ঞতা বা জ্ঞানক লৈ সন্দেহৰ সৃষ্টি হ’ব পাৰে।
তেওঁ আৰু কয় যে, ওকালতি কোনো সৰু কাম নহয়। চৰকাৰে কয়, LLB এনে এক ডিগ্ৰী যিয়ে যিকোনো ব্যক্তিক আইন চৰ্চা আৰু ন্যায় প্ৰদানৰ বাবে প্ৰস্তুত কৰে। একে সময়তে ওকালতিয়ে দেশৰ নাগৰিকৰ জীৱনতো প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত LLB শিক্ষা আৰু প্ৰশিক্ষণৰ উচ্চ মানদণ্ড বজাই ৰখাটো গুৰুত্বপূৰ্ণ।
অনলাইনত সম্ভৱ নহয়
মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত লিখিত উত্তৰ দি কয় যে, LLB অধ্যয়ন অনলাইনত সম্ভৱ নহয়। এল এল বিৰ পাঠ্যক্ৰম, পৰীক্ষা, হোমৱৰ্ক, এচাইনমেণ্ট, মুট ক’ৰ্ট আৰু ইন্টাৰশ্বিপ আদিও অনুষ্ঠিত কৰা হয়। গতিকে এই সকলোবোৰ অনলাইনত সম্ভৱ নহয়। এতিয়াৰ পৰা LLB অধ্যয়ন অনলাইন আৰু ছুটীৰ সময়ত কৰিব নোৱাৰিব।
অন্য খবৰ পঢ়কঃ আমি কেৱল অহিংস হ’ব নোৱাৰে, শান্তি বিচাৰিলে যুদ্ধৰ বাবে সাজু হ’বই লাগিবঃ CDS অনিল চৌহান