দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২৪ আগষ্ট। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ২৪ আগষ্ট । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৪ আগষ্টত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
- ১৪৫৬ চনত গুটেনবাৰ্গ বাইবেলৰ ছপা সম্পূৰ্ণ হয়।
- ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম জাহাজ ‘হেক্টৰ’ ১৬০০ চনত চুৰাটৰ উপকূলত উপস্থিত হয়।
- ১৬৯০ চনত জব চাৰ্নক কলিকতাত বসতি স্থাপন কৰে।
- ১৮১৪ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ শ্ৰমিকসকলে হোয়াইট হাউছত জুই লগাইছিল।
- ১৯৫৪ চনৰ আজিৰ দিনটোতে পদত্যাগ কৰি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি গেটুলিও ভাৰ্গাছে চৰম সিদ্ধান্ত লয়।
- ১৯৬৯ চনৰ আজিৰ দিনটোতে ভি ভি গিৰি ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি হয়।
- ১৯৭৪ চনৰ আজিৰ দিনটোতে ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি হয়।
- ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পৰা বিচ্ছিন্ন হৈ ইউক্ৰেইন স্বাধীন দেশত পৰিণত হয়।
- ২০০৪ চনত অৰুণ গান্ধীয়ে পেলেষ্টাইনীসকলক অহিংসাৰ পাঠ শিকাবলৈ ৰামাল্লাত উপস্থিত হয়।