শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তিনিটা চৰ্তত আমেৰিকাৰ অতিৰিক্ত শুল্কৰ বোজাৰ পৰা ৰেহাই পাব ভাৰতীয় সামগ্ৰীয়ে

ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা অতিৰিক্ত শুল্ক বুধবাৰৰ পৰা কাৰ্যকৰী হ'ব। ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় ,কৰাৰ পৰিপ্ৰেক্ষিততেই ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত আমদানি শুল্ক আৰোপ কৰে আমেৰিকাই।

তিনিটা চৰ্তত আমেৰিকাৰ অতিৰিক্ত শুল্কৰ বোজাৰ পৰা ৰেহাই পাব ভাৰতীয় সামগ্ৰীয়ে
ট্ৰাম্প আৰু মোদী
raj-saikia
Raj Saikia | Published: 26 Aug 2025 15:51 PM

আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব বুধবাৰৰ পৰা। আমেৰিকাৰ সময় অনুসৰি ২৭ আগষ্টৰ দুপৰীয়া ১২ বজাৰ পৰা ভাৰতত এই শুল্ক কাৰ্যকৰী কৰা হ’ব। ইয়াৰ পিছত ভাৰতৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা সামগ্ৰীৰ শুল্ক ৫০% লৈ বৃদ্ধি পাব।

কিন্তু, ৩টা চৰ্ত আছে, যদি সেইবোৰ পূৰণ হয়, তেন্তে কিছুমান ভাৰতীয় সামগ্ৰী ৫০% শুল্কৰ পৰা ৰক্ষা পৰিব। অতিৰিক্ত শুল্কৰ বোজা বহন কৰিব নালাগিব এই সামগ্ৰীবোৰে।

আজি পুৱা ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে আমেৰিকা প্ৰশাসনে। শুল্ক সন্দৰ্ভত দুয়োখন দেশৰ মাজত আলোচনা চূড়ান্ত কৰিব পৰা নগ’ল, যাৰ বাবে ট্ৰাম্প প্ৰশাসনে শুল্কৰ দিন বৃদ্ধি কৰা নাছিল।

শুল্ক ৰেহাইৰ চৰ্তাৱলী

সামগ্ৰী লোডিঙৰ চৰ্ত: যদি ভাৰতৰ পৰা পঠোৱা সামগ্ৰীসমূহ ২৭ আগষ্ট ২০২৫ তাৰিখৰ দুপৰীয়া ১২:০১ বজাৰ আগতে (আমেৰিকাৰ সময়) জাহাজত ভৰাই আমেৰিকালৈ ৰাওনা হয়, তেন্তে ইয়াৰ ওপৰত কোনো অতিৰিক্ত শুল্ক নাথাকিব।

প্ৰৱেশৰ চৰ্ত: যদিহে সামগ্ৰীসমূহ ১৭ ছেপ্টেম্বৰ ২০২৫ (ইডিটি)ৰ দুপৰীয়া ১২:০১ বজাৰ আগতে আমেৰিকাত উপস্থিত হয় বা বিক্ৰীৰ বাবে বজাৰত উপলব্ধ হয়, তেন্তে ইয়াৰ ওপৰত কোনো অতিৰিক্ত শুল্ক নাথাকিব।

প্ৰমাণপত্ৰৰ চৰ্ত: ভাৰতে আমেৰিকাৰ শুল্ক বিভাগ (CBP)ৰ আগত প্ৰমাণ কৰিব লাগিব যে সামগ্ৰীসমূহ ইন-ট্ৰেনজিট ৰেহাইৰ অধীনত আহে। ইয়াৰ বাবে তেওঁলোকে নতুন ক’ড HTSUS শিৰোনাম 9903.01.85 ব্যৱহাৰ কৰি ঘোষণা কৰিব লাগিব।

ভাৰতৰ ওপৰত ট্ৰাম্পৰ শুল্ক

৭ আগষ্টত ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আমদানি শুল্ক ২৫%ৰ পৰা ৫০%লৈ বৃদ্ধি কৰিছিল, কাৰণ ভাৰতৰ ৰাছিয়াৰ সৈতে থকা বাণিজ্য । ট্ৰাম্পে অনুভৱ কৰিছে যে ইয়াৰ ফলত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন যুদ্ধৰ ওপৰত আলোচনা কৰিবলৈ বাধ্য হ’ব। ইয়াৰ বাবে ২১ দিনৰ সময়ো দিছিল।

ভাৰতে ৰাছিয়াৰ পৰা সস্তাত খাৰুৱা তেল ক্ৰয় কৰি ইউক্ৰেইন যুদ্ধক প্ৰচাৰ কৰা বুলি ট্ৰাম্পে অভিযোগ উত্থাপন কৰে। কিন্তু ভাৰতে নিজৰ বাণিজ্য ৰক্ষা কৰি ৰাছিয়াৰ সৈতে ব্যৱসায় কৰি যাব বুলি কয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাক স্পষ্টকৈ কৈছিল যে ভাৰতীয় কৃষক আৰু ক্ষুদ্ৰ উদ্যোগৰ স্বাৰ্থ চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ।