আমি কেৱল অহিংস হ’ব নোৱাৰে, শান্তি বিচাৰিলে যুদ্ধৰ বাবে সাজু হ’বই লাগিবঃ CDS অনিল চৌহান
যদি আমি শান্তি বিচাৰো তেন্তে যুদ্ধৰ বাবে সাজু হ'ব লাগিব- এই মন্তব্য চিডিএছ অনিল চৌহানৰ। শেহতীয়াকৈ এক চেমিনাৰত এই মন্তব্য কৰে তেওঁ। য'ত তিনি সেনাৰ বিশিষ্ট বিষয়াই অংশ গ্ৰহণ কৰে।

অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ পাছত শেহতীয়াকৈ তিনি সেনাই উদ্ভাৱন আৰু কৌশলৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰণ সংবাদ ২০২৫ আয়োজন কৰে। মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত নৌ সেনা, জল সেনা আৰু স্থল সেনাৰ বিশিষ্ট বিষয়াসকলে অংশগ্ৰহণ কৰে। এই সময়চোৱাত তেওঁলোকে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। চেমিনাৰত অংশ লোৱা চিডিএছ জেনেৰেল অনিল চৌহানে কয় যে, মই আশা কৰিছো এই চেমিনাৰ খনে কেৱল প্ৰযুক্তিৰ ক্ষেত্ৰতে নহয় ভৱিষ্যতে হ’বলগীয়া যুদ্ধ আৰু তাৰ আঁৰৰ কাৰণসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব।
তেওঁ কয়, মোৰ মতে চাৰিটা মুখ্য দিশ আছে। সবাতোকৈ প্ৰথমত দেশ আৰু চৰকাৰৰ মাজত ক্ষমতা ব্যৱহাৰৰ ধাৰা বাঢ়িছে। মই ভবা দ্বিতীয়টো দিশ হ’ল যুদ্ধ আৰু শান্তিৰ মাজত পাৰ্থক্য মচি পেলোৱা। আগতে আমি ঘোষিত যুদ্ধৰ মাজত বাস কৰিছিলো কিন্তু এতিয়াৰ অৱস্থা তেনে নহয়। আধুনিক যুদ্ধ বৰ্তমানৰ সময়ত এক অবিৰত প্ৰক্ৰিয়াৰ দৰে হৈ পৰিছে। য’ত ৫টা CS প্ৰতিযোগিতা, সংকট, মুখামুখি, সংঘৰ্ষ আৰু যুদ্ধ হিচাপে চাও।
তেওঁ আৰু কয়, তৃতীয়টো গুৰুত্বপূৰ্ণ দিশ হ’ল মানুহ। আগৰ যুদ্ধবোৰত সাধাৰণ মানুহ আৰু সৈনিকে ভূখণ্ড আৰু মতাদৰ্শৰ বাবে বলিদান দিছিল। চতুৰ্থটো গুৰুত্বপূৰ্ণ ধাৰাটো হ’ল জয়ৰ মাপকাঠী আৰু আমি বিজয়ক কেনেকৈ বুজো। পূৰ্বতে জয়ৰ মাপকাঠী সম্ভৱতঃ সেনা আৰু কিমান লোকচান হ’ল তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। উদাহৰণ স্বৰূপে ১৯৭১ চনত আমি ৯৫,০০০ পাকিস্তানী সেনাক আটক কৰিছিলো। কিন্তু আজিৰ যুদ্ধত জয়ৰ মানদণ্ড সম্ভৱতঃ অভিযানবোৰ কিমান দ্ৰুত , নিঁখুতভাৱে কৰা হয় তাৰ ওপৰত নিৰ্ভৰ কৰে।
অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি তেওঁ কয় যে, অপাৰেশ্যন সেন্দূৰ এক আধুনিক সংঘৰ্ষ আছিল। যাৰ পৰা আমি বহু শিক্ষা লাভ কৰিছিলো। ইয়াৰ ওপৰত এতিয়াও কাম চলি আছে, কিছুমান কাৰ্যকৰীও কৰা হৈছে। এই অভিযান এতিয়াও অব্যাহত আছে। তেওঁ আৰু কয় যে, আমি অপাৰেশ্যন সেন্দূৰৰ ওপৰত আলোচনা কৰিবলৈ অহা নাই। অপাৰেশ্যন সেন্দূৰৰ বাহিৰত ইয়াক আলোচনা হ’ব।
যুদ্ধৰ বাবে সাজু হ’ব লাগিব
তেওঁ আৰু কয় যে, “ভাৰতে সদায় শান্তিৰ পক্ষত আছে। আমি শান্তিপ্ৰিয় ৰাষ্ট্ৰ। ভুল নুবুজিব, কিন্তু আমি কেৱল অংহিস হ’ব নোৱাৰো। মোৰ মতে শক্তিহীন শান্তি কেৱল এক আদৰ্শবাদ। মই এটা লেটিন উক্তি উদ্ধৃত কৰিব বিচাৰিছো যাৰ অৰ্থ হ’ল যদি আপুনি শান্তি বিচাৰে তেন্তে যুদ্ধৰ বাবে সাজু থাকক”।
#WATCH | "India has always stood on the side of peace. We are a peace-loving nation, but don't get mistaken, we cannot be pacifists. I think peace without power is utopian. I like to state a Latin quote which translates, 'if you want peace, prepare for war'…" says CDS General… pic.twitter.com/auyHR1fgWw
— ANI (@ANI) August 26, 2025
এই সময়চোৱাত তেওঁ সুদৰ্শন চক্ৰৰ বিষয়েও কয়। তেওঁ কয় যে, আমি এই চেমিনাৰত সুদৰ্শন চক্ৰৰ বিষয়ে আলোচনা কৰিব পাৰে। ইয়াৰ দ্বাৰা ভাৰতৰ কৌশলগত প্ৰতিৰক্ষা শক্তিশালী হ’ব। মোৰ মতে ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ কৌশলগত, অসামৰিক আৰু জাতীয় গুৰুত্বপূৰ্ণ স্থানসমূহ সুৰক্ষিত কৰাৰ ব্যৱস্থা গঢ়ি তোলা। এই ব্যৱস্থাই ঢাল আৰু তৰোৱাল হিচাপে কাম কৰিব।
অন্য খবৰ পঢ়কঃ ডাঙৰ ষড়যন্ত্ৰ! ২২ জন সাংসদৰ সমৰ্থন লৈ কোন আহিল উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হ’বলৈ…