শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Happy Ganesh Chaturthi 2025: গণেশ চতুৰ্থীৰ পবিত্ৰ ক্ষণত আপোনজনক দিয়ক শুভেচ্ছা

Ganesh Chaturthi 2025: গণেশ চতুৰ্থীৰ দিনটো সমগ্ৰ দেশতে পালন কৰা হয়। এইবছৰ ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব গণেশ উৎসৱ। এই বিশেষ অনুষ্ঠানত আপোনাৰ আত্মীয়, বন্ধু-বান্ধৱী আৰু আপোনজনক এই গণেশ চতুৰ্থী শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।

Happy Ganesh Chaturthi 2025:  গণেশ চতুৰ্থীৰ পবিত্ৰ ক্ষণত আপোনজনক দিয়ক শুভেচ্ছা
গণেশ চতুৰ্থীৰ পবিত্ৰ ক্ষণত আপোনজনক দিয়ক শুভকামনাImage Credit source: PTI
barasha-misra
Barasha Misra | Updated On: 26 Aug 2025 15:32 PM

GANESH CHATURTHI WISHES MESSAGES, WHATSAPP STATUS AND MORE: কাইলৈ গণেশ চতুৰ্থী। এই উৎসৱ প্ৰতি বছৰে ভদ্ৰপদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখে পালন কৰা হয়। এতিয়া মৃৎ শিল্পীসকল গণেশৰ মূৰ্তিসমূহত শেষ পৰশ দিয়াত ব্যস্ত। এইবাৰ ২০২৫ চনৰ ২৭ আগষ্টত গণেশ চতুৰ্থী। এই বিশেষ অনুষ্ঠানত আপোনাৰ আত্মীয়, বন্ধু-বান্ধৱী আৰু আপোনজনক এই গণেশ চতুৰ্থী শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে। এই পবিত্ৰ ক্ষণত আপোনজনক দিয়ক শুভকামনা…

  1. গণেশ চতুৰ্থীয়ে আপোনালোকৰ জীৱনলৈ লৈ আহক সুখ, শান্তি-সম্প্ৰীতি আৰু সমৃদ্ধি। গণেশ চতুৰ্থী উপলক্ষে সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
  2. গণেশ চতুৰ্থীৰ শুভেচ্ছা! ভগৱান গণেশে আপোনাক শক্তি আৰু সাহস দান কৰক। গণেশ চতুৰ্থীৰ শুভকামনা!
  3. গণপতি বাপ্পাৰ আগমন শুভ হওক, আপোনাৰ সকলো সপোন বাস্তৱায়িত হওক, সকলো বাধা আঁতৰি যাওক। বাপ্পাৰ আগমনৰ বাবে আপোনাক শুভেচ্ছা।
  4. গণেশে আপোনাৰ ঘৰলৈ কঢ়িয়াই আনক অপৰিসীম সুখ আৰু সমৃদ্ধি। গণেশ চতুৰ্থীৰ বাবে শুভেচ্ছা!
  5. গণেশ চতুৰ্থীৰ শুভ ক্ষণতসিদ্ধিদাতাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা আগবঢ়াই ভক্তপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভকামনা যাচিছোঁ।
  6. ওম গং গণপতিয়ে নমহঃ- গণপতি বাপ্পাই আপোনাৰ সকলো কৰ্ম সিদ্ধি কৰক।
  7. আপোনাৰ দিনবোৰ মোডকৰ দৰে মধুৰতাৰে ভৰা হওক, প্ৰভূই আপোনাৰ জীৱনত সুখৰ ছাঁ সদায় পেলাওক।

লগতে পঢ়ক- গণেশৰ মূৰ্তি স্থাপনত নকৰিব ভুল, বিপদত পৰিব আপুনি!